
নগাও, ২৬ ডিচেম্বৰ (হি.স.)। ৰহা মীন মহাবিদ্যালয়ৰ অধ্যাপক ড° অৰ্ণৱ নাৰায়ণ পাটোৱাৰীৰ গ্ৰন্থ আমেৰিকা: অনুভৱৰ দিনলিপিউন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে। ৰহাৰ মীন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃ্হত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী সভা। সভাত উন্মোচন কৰা হয় মীন মহাবিদ্যালয়ৰ মৎস্য সম্প্ৰসাৰণ, অর্থনীতি আৰু পৰিসংখ্যা বিভাগ সহকাৰী অধ্যাপক ড°অৰ্ণৱ নাৰায়ণ পাটোৱাৰীৰ ‘আমেৰিকা: অনুভৱৰ দিনলিপি’ শীৰ্ষক এখন ভ্ৰমণ কাহিনী মূলক গ্ৰন্থ। লেখক ড° অৰ্ণৱ নাৰায়ণ পাটোৱাৰীয়ে ২০২১ চনত এটা প্ৰকল্পৰ কামত ছয় মাহ কটাইছিল আমেৰিকাত।
বিদ্যায়তিক বৃত্তি লৈ অমেৰিকাৰ আইডাহো বিশ্ববিদ্যালয়ত গবেষণাৰ বাবে কটোৱা সময়ত তেওঁ আমেৰিকাৰ দৰ্শনীয় স্থান সমূহৰ লগতে দেশখনৰ ঐশ্বৰ্য, প্ৰাচুৰ্য, প্ৰযুক্তিগত আধুনিকতা, শক্তিৰ গৰ্ব তথা বিশ্বৰ শীৰ্ষ দেশ খনৰ অলেখ কথা-কাহিনী , চাক্ষুস অভিজ্ঞতাৰ অনুভবেৰে প্ৰায় চাৰিশ পৃষ্ঠাৰ গ্ৰন্থখন লিখি উলিয়াইছে। ইতিমধ্যে ড০ অৰ্ণৱ নাৰায়ন পাটোৱাৰীৰ বিভিন্ন সময়ত বাতৰি-কাকত, আলোচনী আৰু সামাজিক মাধ্যমত বিভিন্ন লেখা প্ৰকাশ পাই আহিছে। আমেৰিকাৰ আইডাহো বিশ্ববিদ্যালয়ত থকা সময়খিনিত লেখকে গবেষণা আৰু একেসময়তে মুখা-মুখী হোৱা বিচিত্ৰ অভিজ্ঞতাক পদ্ধতিগত ভাৱে পাঠকৰ মাজলৈ উলিয়াই দিছে।
গুৱাহাটীৰ ‘বৰ্ণ’ প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ শুভ উন্মোচনৰ বাবে আয়োজন কৰা অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক, লেখক জুৰী বৰা বৰগোহাঞিয়ে। ‘আমেৰিকা: অনুভৱৰ দিনলিপি’ উন্মোচন কৰি ঔপন্যাসিক গৰাকীয়ে কয়- গ্ৰন্থখন কেৱল এখন ভ্ৰমন কাহিনী নহয়। বিদ্যায়তিক বিভিন্ন অভিজ্ঞতাৰ সমলেৰেও সমৃদ্ধ। যিখন পঢ়িলে পাঠকে অন্য কিছু ভ্ৰমণ কাহিনীৰ পৰা পৃথক অনুভৱ কৰিব। লেখকৰ ছমহীয়া অভিজ্ঞতা ব্যতিক্ৰম, এজন ভ্ৰমনকাৰী হিচাপে নহয়, এজন গবেষক হিচাপে সময়খিনি চাইছে। সেয়ে গ্ৰন্থখন কেৱল ভ্ৰমণ কাহিনী হিচাপে পঢ়াতকৈ অন্য কিছু দিশৰ পৰা চাব পাৰি।
ৰহা মীন মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড° প্ৰদীপ চন্দ্ৰ ভূঞাৰ আদৰণি ভাষন আৰু লীনা শৰ্মাই আঁত ধৰা উন্মোচনী অনুষ্ঠানত মঞ্চত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰহা মীন মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড০ প্ৰদীপ চন্দ্ৰ ভূঞা, লেখক-ভ্ৰমণকাৰী, চাবুৱাৰ ডি ডি আৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী আৰু সহযোগী অধ্যাপক লক্ষীনন্দন বৰগোহাঞি, মীন মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড০ কমলেশ্বৰ কলিতা,ৰহা মীন মহাবিদ্যালয় ৰ অধ্যাপক ড° সাৰদা কান্ত ভাগবতী সহ মীন মহাবিদ্যালয়ৰ সমূহ অধ্যাপক অধ্যাপিকা -কৰ্মচাৰীৰ লগতে লেখকৰ পিতৃ-মাতৃ, পত্নী আৰু পৰিয়ালবৰ্গ উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
