তামুলপুৰ, ২২ ডিচেম্বৰ (হি.স.): তামুলপুৰ গোৰেশ্বৰৰ বঙালীপাৰাত সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়। ভাৰত ভূটান সীমান্তৰ বগামাটি পৰ্যটনস্থলীত বনভোজ খাবলৈ অহা সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ অভিযান চলায়।
তামুলপুৰ জিলা প্ৰশাসন, আৱকাৰী বিভাগ আৰু জিলা পৰিবহন বিভাগৰ যুটীয়া উদ্যোগত সুৰাপায়ী চালকৰ বিৰুদ্ধে এই অভিযান চলে। ভাৰত ভূটান সীমান্তৰ বগামাটিত নৱ বৰ্ষৰ প্ৰাকক্ষণত ভিৰ বাঢ়িছে বনভোজকাৰী দল আৰু পৰ্যটকৰ। বনভোজ খাবলৈ গৈ যাতে সুৰাপায়ী চালকে কোনো দুৰ্ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে তামুলপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশত দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে প্ৰতিদিনে এই অভিযান অব্যাহত ৰাখিছে আৰক্ষী প্ৰশাসনে। যোৱা কালি দেওবাৰে সন্ধিয়াও আৰক্ষী প্ৰশাসনে এক বিশেষ অভিযান অব্যাহত ৰাখে। অনাগত সময়তো এই অভিযান অব্যাহত ৰাখিব বুলি জিলা পৰিবহন বিভাগে জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
