ধুবুৰী, ০৭ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ চাপৰৰ টিলাপাৰা বজাৰত চলিছে অবৈধ তীৰ খেলৰ ৰমৰমীয়া বেহা। আনকি কেমেৰাত বন্দী হৈ পৰিছে তীৰ খেলৰ অবৈধ তীৰ খেলৰ দৃশ্য।
অভিযোগ অনুসৰি বজাৰ খনত প্ৰতিদিনেই মুকলি কৈ চলি আছে তীৰ খেলৰ ৰমৰমীয়া বেহা। তীৰ মাফিয়াই চাপৰ আৰু শালকোচা আৰক্ষী মেনেজ কৰি চলাই গৈছে অবৈধ তীৰ খেলৰ ৰমৰমীয়া বেহা। এইক্ষেত্ৰত তীৰ মাফিয়া ছফিকুল ইছলাম, ইনামুল আৰু খুৰশিদ আলমৰ বিৰুদ্ধে উত্থাপিত হৈছে এই ভয়ংকৰ অভিযোগ।
স্হানীয় ৰাইজে বাৰংবাৰ অভিযোগ দিয়াৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ শালকোচা আৰু চাপৰ আৰক্ষীৰ বিৰুদ্ধে। এই ক্ষেত্ৰত তীৰ মাফিয়া সকলক নাকি লগাবলৈ বিলাসীপাৰা সম জিলা আৰক্ষী অধীক্ষক আৰু ধুবুৰী জিলা আৰক্ষী অধীক্ষক কঠোৰ হাতেৰে দমন কৰিবলৈ স্হানীয় ৰাইজ তথা দ’ল সংগঠনে দাবী জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
