ডিব্ৰুগড়, ০১ ডিচেম্বৰ (হি.স.): অৰুণাচল প্ৰদেশৰ পাচিঘাটত অনুষ্ঠিত চিয়াং ফেষ্টিভেলত অংশ গ্ৰহণ কৰিবলৈ আহিছে বলিউডৰ তাৰকা বেবীদল’ খ্যাত ছানী লিয়নী। য়োৱা কালি দেওবাৰে আবেলি বিমান যোগে ডিব্ৰুগড় বিমান বন্দৰত এটা সজাতি দলসহ উপস্থিত হয় অভিনেত্ৰী গৰাকী।
ডিব্ৰুগড়ৰ পৰা পাচিঘাটলৈ ৰাওনা হৈছে মোহময়ী অভিনেত্রী গৰাকী। চিয়াং নদীৰ কাষত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে চিয়াং ফেষ্টিবেল। আজি নিশালৈ ছানি লিয়নী আৰু অনুৰাগ হালদাৰৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব লগতে ৰাষ্ট্ৰীয় পয্যায়ৰ বিভিন্ন সাংস্কৃতিক দলক নিমন্ত্ৰণ কৰিছে চিয়াং মহোৎসৱৰ উদ্যোক্তাই । ডিব্ৰুগড় বিমান বন্দৰত অনুৰাগী সকলে গামোছা, ফুলৰ থোপাৰে আদৰণী জনায় ছানী লিয়নীক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
