কাঠমাণ্ডু, ২৯ নৱেম্বৰ (হিি.স.)। ভাৰতৰ পুনেত অনুষ্ঠিত ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেভেল মাৰ্টে (আই আই টি এম) নেপালক ‘বছৰৰ অসাধাৰণ দুঃসাহসিক পৰ্যটন গন্তব্যস্থান’ হিচাপে সন্মানিত কৰে। নেপাল পৰ্যটন ব’ৰ্ডৰ হৈ এই বঁটা গ্ৰহণ কৰে ব’ৰ্ডৰ সদস্য নৰেন্দ্ৰ ভাটে।
আই আই টি এম-পুনেত অনুষ্ঠিত হোৱা বঁটা নিশাৰ ‘গন্তব্যস্থান উপস্থাপন’ অধিবেশনৰ সময়ত ব’ৰ্ডৰ জ্যেষ্ঠ বিষয়া ৰবিন ৰেজমীয়ে নেপালৰ বৈচিত্ৰময় পৰ্যটনস্থলীসমূহ প্ৰদৰ্শন কৰি এক আকৰ্ষণীয় দৃশ্য-শ্ৰাব্য উপস্থাপন আগবঢ়ায়। উপস্থাপনত বুদ্ধ চাৰ্কিট, ৰামায়ণ চাৰ্কিট, আন্তঃৰাষ্ট্ৰীয় ইক’-ট্ৰেইল, ইউনেস্ক’ৰ তালিকাভুক্ত ঐতিহ্য ক্ষেত্ৰ, আধ্যাত্মিক তীৰ্থযাত্ৰা, বিশ্বমানৰ ট্ৰেকিং আৰু পৰ্বতাৰোহণৰ সুযোগ, আৰু ৰোমাঞ্চকৰ দুঃসাহসিক ক্ৰীড়াৰ ওপৰত আলোকপাত কৰা হয়।
জ্যেষ্ঠ বিষয়া ৰেজমীৰ মতে, নেপাল পৰ্যটন ব’ৰ্ডৰ সক্ৰিয় অংশগ্ৰহণে ভাৰতীয় পৰ্যটন বজাৰৰ সৈতে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিছে আৰু নেপালক “সৰ্বঋতুৰ গন্তব্যস্থান” আৰু “জীৱনজোৰা অভিজ্ঞতা” প্ৰদান কৰা দেশ হিচাপে প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাইছে। এই অনুষ্ঠানত নেপাল পৰ্যটন ব’ৰ্ডে ১৫টা আগশাৰীৰ ভ্ৰমণ বাণিজ্য কোম্পানীৰ সহযোগত নেপালৰ অনন্য পৰ্যটন পেকেজ আৰু ভাৰতীয় ভ্ৰমণ পেছাদাৰী আৰু প্ৰমোটাৰসকলৰ আকৰ্ষণসমূহ ফলপ্ৰসূভাৱে প্ৰদৰ্শন কৰে। তিনিদিনীয়া এই ট্ৰেভেল মাৰ্টত বিভিন্ন দেশৰ শতাধিক প্ৰতিনিধি আৰু পৰ্যটন পেছাদাৰীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
নেপাল পৰ্যটন ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া দিয়াপ্ৰজ যোশীয়ে কয় যে আই আই টি এম পুনে ২০২৫ত ব’ৰ্ড আৰু ইয়াৰ অংশীদাৰসকলে সফল অংশগ্ৰহণে ভাৰতীয় বজাৰত নেপালৰ প্ৰতি আগ্ৰহ আৰু চাহিদা আৰু অধিক বৃদ্ধি কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
