শ্বিলং, ০৮ অক্টোবৰ (হি.স.): মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বুধবাৰে ন্যায়মূৰ্তি সৌমেন সেনে শপত গ্ৰহণ কৰে। ৰাজ্যপাল চি.এইচ. বিজয়শংকৰে বুধবাৰে শিলচৰ ৰাজভৱনৰ দৰবাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সাধাৰণ অনুষ্ঠানত মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ সৌমেন সেনক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱায়।
ন্যায়মূৰ্তি ইন্দ্ৰপ্ৰসন্ন মুখাৰ্জীৰ স্থানত স্থলাভিষিক্ত হৈছে ন্যায়াধীশ সৌমেন সেন। ৫ ছেপ্টেম্বৰত মুখাৰ্জীয়ে অৱসৰ গ্ৰহণ কৰে। তেওঁৰ অৱসৰৰ পিছত ন্যায়াধীশ সৌমেন সেনৰ আনুষ্ঠানিক নিযুক্তি নোহোৱালৈকে ন্যায়মূৰ্তি হমৰছান সিং থাংখিউৱে ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে ।
নতুন মুখ্য ন্যায়াধীশৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, বিৰোধী দলৰ নেতা মুকুল চাংমা, উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টিংছং, মুখ্য সচিব শ্বিকিল পি আহমেদ, মহাধিবক্তা, আৰক্ষী সঞ্চালক প্ৰধান, মেঘালয় উচ্চ ন্যায়ালয়ৰ আন সকলো ন্যায়াধীশ, জিলা আৰু ছেচন আদালতৰ ন্যায়াধীশ,মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ প্ৰায় সকলো স্তৰৰ ন্যায়াধীশ, কেইবাজনো জ্যেষ্ঠ অধিবক্তা আৰু উচ্চ পদস্থ চৰকাৰী বিষয়া উপস্থিত থাকে ।
মুখ্যমন্ত্ৰী কনৰাড চাংমাই নতুন মুখ্য ন্যায়াধীশগৰাকীক অভিনন্দন জনাই কয় যে ন্যায়াধীশ সেনৰ অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টিই ন্যায়পালিকাৰ ন্যায় আৰু সততাৰ প্ৰতি দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰিব।
প্ৰসংগক্ৰমে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামৰ্শৰ ভিত্তিত ২৬ ছেপ্টেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশ সৌমেন সেনক মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল।
১৯৬৫ চনৰ ২৭ জুলাইত কলকাতাত জন্মগ্ৰহণ কৰা ন্যায়াধীশ সৌমেন সেনে ১৯৯০ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী লাভ কৰে। ১৯৯১ চনৰ পৰা কলিকতা উচ্চ ন্যায়ালয়ত আইন চৰ্চা আৰম্ভ কৰা তেখেতে দুটা দশকৰো অধিক সময় অধিবক্তা হিচাপে অনুশীলন কৰাৰ পিছত ২০১১ চনৰ ১৩ এপ্ৰিলত ন্যায়াধীশৰ পদবীলৈ উন্নীত হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ
