ডুবাই, ২০ ছেপ্টেম্বৰ (হি.স.)। এছিয়া কাপ ২০২৫ৰ শুকুৰবাৰে ওমানৰ বিৰুদ্ধে খেলখনত ভাৰতৰ আৰ্শদীপ সিঙে এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰে। বাওঁহাতৰ বেগী বলাৰ আৰ্শদীপে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০০ উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। খেলখনৰ ২০ অভাৰত বিনায়ক শুক্লাক আউট কৰি তেওঁঁ এই কৃতিত্ব অৰ্জন কৰে।
২০২২ চনত ইংলেণ্ডৰ বিৰুদ্ধে চাউথমপটনত ভাৰতৰ হৈ টি-২০ ইণ্টাৰনেশ্যনেলত অভিষেক ঘটা আৰ্শদীপে অভিষেক মেচত ২/১৮ৰ পৰিসংখ্যা অভিলেখ গঢ়িছিল।
এই মেচখনৰ পূৰ্বে আৰ্শদীপে ভাৰতৰ হৈ ৬৩খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৯৯টা উইকেট দখল কৰিছিল। তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন আমেৰিকাৰ বিৰুদ্ধে ৪/৯। চলিত বৰ্ষৰ জানুৱাৰী মাহত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত বেন ডাকেট আৰু ফিল ছল্টক আউট কৰি ভাৰতৰ সৰ্বোচ্চ উইকেট দখলকাৰী হিচাপে পৰিগণিত হয়।
মন কৰিবলগীয়া যে শুকুৰবাৰৰ খেলখনৰ পূৰ্বে আৰ্শদীপে কেতিয়াও এছিয়া কাপত ভাৰতক প্ৰতিনিধিত্ব কৰা নাছিল। টিম ইণ্ডিয়াই এতিয়ালৈকে নিজৰ একমাত্ৰ প্ৰাথমিক বেগী বলাৰ হিচাপে জস্প্ৰিত বুমৰাহক দলৰ হৈ খেল পথাৰত নমাইছিল।
ভাৰতৰ হৈ টি-২০ত সৰ্বাধিক উইকেট দখল কৰা বলাৰ
আৰ্শদীপ সিং – ১০০ উইকেট (৬৪ মেচ)*
যুজবেন্দ্ৰ চাহাল – ৯৬ উইকেট (৮০ মেচ)
হাৰ্দিক পাণ্ডিয়া – ৯৫ উইকেট (১১৬ মেচ)
যশপ্ৰিত বুমৰাহ – ৯২ উইকেট (৭২ মেচ)
ভুৱনেশ্বৰ কুমাৰ – ৯০ উইকেট (৮৭ মেচ)
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
