• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > অষ্ট্ৰেলিয়ান অ’পেনঃ সাতৱিক-চিৰাগৰ ওপৰত ভাৰতৰ আশা, ছন্দৰ সন্ধানত লক্ষ্য আৰু প্ৰণয়
Sports

অষ্ট্ৰেলিয়ান অ’পেনঃ সাতৱিক-চিৰাগৰ ওপৰত ভাৰতৰ আশা, ছন্দৰ সন্ধানত লক্ষ্য আৰু প্ৰণয়

CliQ INDIA
Last updated: November 17, 2025 11:00 pm
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ১৭ নৱেম্বৰ (হি.স.)। ছিডনীত মঙলবাৰৰ পৰা আৰম্ভ হ’বলগীয়া অষ্ট্ৰেলিয়ান অ’পেন ছুপাৰ ৫০০ বেডমিণ্টন প্ৰতিযোগিতাত পুনৰবাৰ শীৰ্ষ বাচনিৰ পুৰুষৰ ডাবলছ যুটি সাতৱিকসাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীৰ ওপৰত নিৰ্ভৰ কৰিব ভাৰতৰ আটাইতকৈ ডাঙৰ আশা। ছিজনৰ প্ৰথমটো খিতাপ দখল কৰিবলৈ চেষ্টা কৰিব এই যুটিয়ে।

এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী সাতৱিক-চিৰাগে এইবাৰ ভাৰতীয় বেডমিণ্টনৰ বাবে কঠিন সময়ছোৱাত ধাৰাবাহিকভাৱে জিলিকি উঠিছে। বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে হংকং ছুপাৰ ৫০০ আৰু চাইনা মাষ্টাৰছ ছুপাৰ ৭৫০ত ৰানাৰ্ছ আপৰ স্থান দখল কৰে। বিশ্বৰ এক নম্বৰ ৰেংকিঙত ১৮ সপ্তাহ কটোৱাৰ পিছত মে’ মাহত ২৭ নম্বৰলৈ নামি অহাৰ পিছত এতিয়া এই যুটিটোৱে তৃতীয় স্থানলৈ উভতি আহিছে। তেওঁলোকে চীনৰ টাইপেইৰ চাং কো-চি আৰু পো লি-ৱেইৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব।

লক্ষ্য সেন আৰু এইচ. এছ প্ৰণয়ৰ ছন্দৰ সন্ধান

এই প্ৰতিযোগিতাখন ভাৰতৰ শীৰ্ষ একক খেলুৱৈ লক্ষ্য সেন আৰু এইচ. এছ প্ৰণয়ে সামঞ্জস্য বিচাৰিবলৈ সুযোগ লাভ কৰিব। দীৰ্ঘদিনীয়া দুৰ্বল দৌৰৰ অন্তত লক্ষ্যই শক্তিশালী প্ৰত্যাৱৰ্তন কৰি হংকং অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰে। যোৱা সপ্তাহত জাপানত ছেমিফাইনেলতো প্ৰৱেশ কৰিছিল। সপ্তম বাচনিৰ লক্ষ্যই প্ৰথম ৰাউণ্ডত চাইনিজ টাইপেইৰ ছু লি ইয়াঙৰ বিৰুদ্ধে খেলিব।

২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী প্ৰণয়ে যোৱা বছৰ এই প্ৰতিযোগিতাত ৰানাৰ্ছ আপৰ স্থান দখল কৰিছিল। আঘাতৰ পৰা উভতি অহা প্ৰণয়ে জাপানৰ কুমামোটোত ভাল প্ৰদৰ্শন আগবঢ়ায়। তেওঁৰ প্ৰথমখন মেচত কানাডাৰ ব্রায়ান ইয়াঙৰ মুখামুখি হ’ব ৷

অন্যান্য ভাৰতীয় খেলুৱৈ

এইবাৰ মালয়েছিয়া মাষ্টাৰছত ৰানাৰ্ছ আপ স্থান দখল কৰা কিদাম্বী শ্ৰীকান্তৰ প্ৰথম ৰাউণ্ডত মুখামুখি হ’ব পঞ্চম বাচনিৰ লিন চুন-য়ি। ইউ এছ অ’পেন চেম্পিয়ন আয়ুছ শ্বেট্টীৰ মুখামুখি হ’ব মালয়েছিয়াৰ জাষ্টিন হোহৰ। কিৰণ জৰ্জৰ মুখামুখি হ’ব ষষ্ঠ ছিড কেন্টা নিছিমোটোৰ। ডেনমাৰ্কৰ মেগনাছ জোহানছনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব থাৰুণ মাননেপালীয়ে।

মহিলাৰ একক আৰু ডাবলছ

ভাৰতীয় আকৰ্ষী কাশ্যপে মহিলা একক শাখাত কঠিন আৰম্ভণিৰ সন্মুখীন হ’ব, শীৰ্ষ ছিড আৰু অলিম্পিক চেম্পিয়ন আন ছে ইয়ঙৰ বিৰুদ্ধে।

দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত ঘূৰি অহা গায়ত্ৰী গোপিচাণ্ড আৰু ট্ৰিছা জলীয়ে মহিলা ডাবলছত চতুৰ্থ ছিড য়ান ফেই চেন আৰু চাইনিজ টাইপেইৰ লিয়াং চিং ছানৰ বিৰুদ্ধে খেলিব।

মিক্সড ডাবলছত মোহিত জাগলান আৰু লক্ষিতা জাগলানৰ মুখামুখি হ’ব কানাডাৰ নীল ইয়াকুৰা আৰু ক্রিষ্টাল লাই৷

এই সপ্তাহটো হ’ব অষ্ট্ৰেলিয়ান অ’পেনত ভাৰতীয় খেলুৱৈসকলৰ বাবে নিজৰ ফৰ্ম আৰু ছন্দ মজবুত কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

দুলীপ ট্ৰফীৰ প্ৰথমখন খেলৰ পৰা ঈশান কিষাণ বাহিৰ, ইষ্ট জ’নৰ অধিনায়কৰ দায়িত্বত অভিমন্যু ইশ্বৰন
আয়োজক উগাণ্ডাৰ আইচিচি টি-২০ মহিলা বিশ্বকাপ কোৱালিফায়াৰৰ দল ঘোষণা
ভাৰতীয় খেলুৱৈসকলৰ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ লক্ষ্য
বিশ্ব পেৰা এথলেটিকছ ২০২৫: প্ৰদৰ্শিত ভাৰতৰ শক্তি আৰু প্ৰস্তুতি
এণ্টাৰটেইনাৰ্ছ ক্ৰিকেট লীগ ২০২৪ৰ চূড়ান্ত বিজয়ী হাৰিয়ানৱী হাণ্টাৰছ | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article চৰাইদেউৰ লাকুৱা নাহৰহাবি চাহ বাগিছাত মুকলিকৈ ককুৰা যুঁজৰ নামত জুৱা খেল
Next Article তেলেগু চিনেমাত প্ৰৱেশ ৰবীনাৰ কন্যা ৰাছা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?