নতুন দিল্লী, ১৩ ছেপ্টেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ ৫খন ৰাজ্য ভ্ৰমণ কৰিব, য’ত মিজোৰাম, মণিপুৰ, অসম, পশ্চিম বংগ আৰু বিহাৰ অন্তৰ্ভুক্ত। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰীয়ে হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে জনসভাত ভাষণ দিব।
আজি মিজোৰামৰ পৰা আৰম্ভ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পাঁচখন ৰাজ্য ভ্ৰমণ, য’ৰ পৰা আজি তেওঁ মণিপুৰো ভ্ৰমণ কৰিব। প্ৰথমে পুৱা প্ৰায় ১০ বজাত আইজলত ৯০০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ এখন ৰাজহুৱা সভাতো ভাষণ দিব।
মিজোৰামৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে মণিপুৰ ভ্ৰমণ কৰি দুপৰীয়া প্ৰায় ১২:৩০ বজাত চুৰাচান্দপুৰত ৭৩০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ উপস্থিত ৰাইজকো সম্বোধন কৰিব। দুপৰীয়া প্ৰায় ২:৩০ বজাত ইম্ফলত ১২০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্প উদ্বোধন কৰি ৰাজহুৱা সভাত ভাষণ দিব।
মিজোৰাম আৰু মণিপুৰ ভ্ৰমণৰ অন্তত শনিবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ ৰাজধানী গুৱাহাটীত উপস্থিত হ’ব, য’ত তেওঁ ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ ১০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰি তেওঁ পশ্চিমবংগত সামৰিক সেনাধ্যক্ষৰ যৌথ সন্মিলন উদ্বোধন কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
