ধুবুৰী, ১০ ছেপ্টেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলিত যোৱাকালি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ বেগী ট্ৰইলাৰ ট্ৰাকে স্কুটিক খুন্দিয়াই থৈ পলায়ন কৰে।
এই ঘটনাত স্কুটি আৰোহীগৰাকী গুৰুতৰ আহত হয়। আৰোহী জনৰ নাম বিষ্ণু ৰায় বুলি জানিব পৰা গৈছে । স্থানীয় ৰাইজে বিষ্ণু ৰায়ক গোলকগঞ্জ চিকিৎসালয়ত নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
