গুৱাহাটী, ১০ ছেপ্টেম্বৰ (হি.স.)। পূৱ গুৱাহাটী আৰক্ষী জিলাৰ বশিষ্ঠ থানাৰ দলটোৱে সাওকুছি অঞ্চলত অভিযান চলাই বেহাৰবাৰী নিবাসী এগৰাকী মহিলা মাদক দ্ৰব্য সৰবৰাহকাৰীক আটক কৰে। ধৃত মহিলাগৰাকীৰ নাম অঞ্জু বিবি (৩৪) বুলি জানিব পৰা গৈছে।
বশিষ্ঠ আৰক্ষীয়ে আজি জানিবলৈ দিয়া মতে, সৰবৰাহকাৰীৰ পৰা ৩২৪ গ্ৰাম গাঞ্জা, নগদ ৪৬০ টকা আৰু এটা মোবাইল ফোন জব্দ কৰিছে।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
