টাইগাৰ শ্ৰফৰ ছবি ‘বাঘী ৪’ মুক্তি পোৱাৰ সম্পূৰ্ণ ৫ দিন হ’ল। ৫ ছেপ্টেম্বৰত চিনেমাগৃহত মুক্তি পোৱা ছবিখনে প্ৰথম তিনিদিনত ভাল প্ৰদৰ্শন কৰিছিল যদিও সপ্তাহৰ দিন অহাৰ লগে লগে ইয়াৰ উপাৰ্জনত প্ৰভাৱ পৰিবলৈ ধৰিলে। এতিয়া বক্স অফিচত যেন লেহেমীয়া হৈছে ‘বাঘী ৪’। শেহতীয়া খবৰ অনুসৰি পঞ্চম দিনা ছবিখনৰ উপাৰ্জনৰ পৰিসংখ্যা ওলাইছে আৰু ইয়াত হ্ৰাস পোৱাৰ তথ্য পোৱা গৈছে।
চাকনিল্কৰ প্ৰতিবেদন অনুসৰি ‘বাঘী ৪’ মুক্তিৰ পঞ্চম দিন মঙলবাৰে প্ৰায় ৪ কোটি টকা উপাৰ্জন কৰে। প্ৰথম দিনাই ছবিখন ১২ কোটি টকাৰে আৰম্ভ হোৱাৰ বিপৰীতে দ্বিতীয় দিনা ইয়াৰ সংগ্ৰহ ৯.২৫ কোটি টকালৈ হ্ৰাস পায়। তৃতীয় দিনা ই ১০ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে চতুৰ্থ দিনটোত ব্যৱসায় আৰু অধিক হ্ৰাস পাই ৪.৫ কোটি টকা হয়। এইদৰে ‘বাঘী ৪’ই ৫ দিনত প্ৰায় ৩৯.৭৫ কোটি টকা সংগ্ৰহ কৰিছে।
‘বাঘী ৪’ৰ পৰিচালক এ হৰ্ষ, আনহাতে ইয়াৰ প্ৰযোজক ছাজিদ নাদিয়াদৱালা। ছবিখনত প্ৰথমবাৰৰ বাবে টাইগাৰ শ্ৰফক এই ছবিখনৰ জৰিয়তে বলীউডত অভিষেক ঘটোৱা প্ৰাক্তন মিছ ইউনিভাৰ্ছ হৰনাজ সন্ধুৰ সৈতে যোৰ কৰা হৈছে। ইয়াত সঞ্জয় দত্তক শক্তিশালী খলনায়ক হিচাপে দেখা গৈছে, আনহাতে সোণম বাজৱাইও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ছবিগৃহত মুক্তি পোৱাৰ পিছত অতি সোনকালে এই ছবিখন আমাজন প্ৰাইম ভিডিঅ’ত ষ্ট্ৰীমিংৰ বাবে উপলব্ধ হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ
