নতুন দিল্লী, ০৮ ছেপ্টেম্বৰ (হি.স.)। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আগষ্ট মাহৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটাৰ নাম ঘোষণা কৰিছে। পুৰুষৰ শাখাত ভাৰতৰ বেগী বলাৰ মহম্মদ ছিৰাজৰ লগতে নিউজিলেণ্ডৰ মেট হেনৰী আৰু ৱেষ্ট ইণ্ডিজৰ জেডেন ছিলছ চৰ্টলিষ্ট হৈছে। মহিলা শাখাত পাকিস্তানৰ মুনিবা আলী, আয়াৰলেণ্ডৰ অৰলা প্ৰেণ্ডাৰগাষ্ট আৰু নেদাৰলেণ্ডৰ আইৰিছ জুলিঙে স্থান দখল কৰিছে।
ইংলেণ্ডৰ বিৰুদ্ধে দ্য অ’ভাল টেষ্টৰ অন্তিম পুৱাত ভাৰতৰ মহম্মদ ছিৰাজে তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি ভাৰতক এক ৰোমাঞ্চকৰ জয় প্ৰদান কৰে। মেচখনত মুঠ ৯টা উইকেট দখল কৰি চিৰাজে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই পাঁচখন মেচৰ টেষ্ট শৃংখলা ২-২ গ’লত সমতা স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
জিম্বাবুৱেৰ বিৰুদ্ধে দুখন টেষ্ট ছিৰিজত নিউজিলেণ্ডৰ মেট হেনৰীয়ে সুন্দৰ বলিং কৰি ছিৰিজৰ প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান লাভ কৰে। দুয়োখন খেলতে ১৬টা উইকেট দখল কৰি দলটোক ২-০ গ’লত শৃংখলাত জয়লাভ কৰে।
পাকিস্তানৰ বিৰুদ্ধে ঘৰুৱা তিনিখন এদিনীয়া শৃংখলাত ১০টা উইকেট দখল কৰি ৱেষ্ট ইণ্ডিজৰ জেডেন ছিলছে প্লেয়াৰ অৱ দ্য ছিৰিজৰ খিতাপ দখল কৰে। ছিলছৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল ৬/১৮, যাৰ সহায়ত ৱেষ্ট ইণ্ডিজে ১৯৯১ চনৰ পিছত প্ৰথমবাৰৰ বাবে এদিনীয়া শৃংখলাত পাকিস্তানক পৰাস্ত কৰে।
মহিলা শাখাত পাকিস্তানৰ মুনিবা আলীয়ে আয়াৰলেণ্ডৰ বিৰুদ্ধে তৃতীয় টি-২০ত অপৰাজিত শতক অৰ্জন কৰাৰ লগতে শৃংখলাত মুঠ ১৩২ ৰান সংগ্ৰহ কৰে। আয়াৰলেণ্ডৰ অৰলা প্ৰেণ্ডাৰগাষ্টে একেখন ছিৰিজতে অল ৰাউণ্ড প্ৰদৰ্শন দেখুৱাই ১৪৪ ৰান সংগ্ৰহ কৰি ৪ উইকেট দখল কৰে। ইয়াৰ পিছত ইউৰোপ কোৱালিফায়াৰতো তেওঁ উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। নেদাৰলেণ্ডৰ আইৰিছ জুলিঙে ৬খন মেচত ১০টা উইকেট দখল কৰি নিজকে আটাইতকৈ ফলপ্ৰসূ বলাৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰে।
আই চি চিৰ তথ্য অনুসৰি বিশ্বৰ স্বতন্ত্ৰ ভোটিং একাডেমী আৰু অনুৰাগীৰ ভোটৰ দ্বাৰা বিজয়ী নিৰ্ণয় কৰা হ’ব। ক্ৰিকেট প্ৰেমীসকলে আইচিচিৰ অফিচিয়েল ৱেবছাইট icc-cricket.com/awards ত নিজৰ প্ৰিয় খেলুৱৈক ভোট দিব পাৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
