লণ্ডন, ২৫ ডিছেম্বৰ (হি.স.)। ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে ইংলেণ্ডৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰিছে কিয়ৰন পোলাৰ্ডে।
পোলাৰ্ডে ৱেষ্ট ইণ্ডিজক ১০১ খন টি-২০ মেচত প্ৰতিনিধিত্ব কৰি ২০১২ চনত টি-২০ বিশ্বকাপ বিজয়ী দলৰ অংশ আছিল।২০২১ চনৰ সংস্কৰণতো তেওঁ দলটোৰ অধিনায়কত্ব কৰিছিল। ২০২২ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও এতিয়াও ফ্ৰেঞ্চাইজি-লীগ চাৰ্কিটত সক্ৰিয় হৈ আছে।
শেহতীয়াকৈ আবুধাবি টি ১০ লীগত নিউয়ৰ্ক ষ্ট্ৰাইকাৰছৰ অধিনায়কত্ব কৰি পোলাৰ্ডে চিপিএল ২০২৩ৰ ফাইনেলত ট্ৰিনবাগো নাইট ৰাইডাৰ্ছক জয়ৰ দিশত আগবঢ়াই লৈ যায়। আই এল টি ২০ত এম আই এমিৰেটছক নেতৃত্ব দিয়াৰ লগতে আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ বেটিং প্ৰশিক্ষক।
ইংলেণ্ডে ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰতিযোগিতাখনত প্ৰৱেশ কৰিছে যদিও ভাৰতত এদিনীয়া বিশ্বকাপত হতাশাজনক পৰিস্থিতিৰ মুখামুখি হৈছে। বিশ্বকাপত দলটোৱে ৯খন মেচৰ ভিতৰত ছখন খেলত পৰাস্ত হৈছিল। অৱশ্যে উত্থান পতনৰ মাজতে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে।
অহা ৪ৰ পৰা ৩০ জুনলৈ কেৰিবিয়ানৰ সাতটা আৰু আমেৰিকাৰ তিনিটা স্থানত অনুষ্ঠিত হ’ব বিশ্বকাপৰ আগন্তুক সংস্কৰণ।
হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ
