

কামৰূপ, ০৮ ছেপ্টেম্বৰ (হি.স.)। কামৰূপৰ ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সম্পন্ন হ’ল কুন বোকাতোৰ চেম্পিয়নশ্বিপ ২০২৫। অসমৰ উপৰিও মেঘালয় আৰু মণিপুৰৰ প্ৰায় ২০০ গৰাকী প্ৰতিযোগীৰ অংশগ্ৰহণেৰে দেওবাৰে মজনিশালৈ চলিল এই প্ৰতিযোগিতা।
ভাৰতীয় কুন বোকাতোৰ ফেডাৰেশ্যনৰ স্বীকৃতিপ্ৰাপ্ত সদৌ অসম কুন বোকাতোৰ এচ’শ্বিয়েচনৰ উদ্যোগত আৰু বিজেপিৰ ডিমৰীয়া যুৱ মৰ্চাৰ সহযোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত কিশোৰ-কিশোৰীৰ পৰা যুৱক-যুৱতীলৈ প্ৰায় দুশগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে এন এল আই পি ইৰ ডীন শংকৰজ্যোতি বসুমতাৰীয়ে।
প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগীসকলক বঁটা সমূহ প্ৰদান কৰা হয়।
—————
হিন্দুস্থান সমাচাৰ / Narayan Kar
