

–ৰাধাকৃষ্ণণে খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানত ভাৰতীয় দৰ্শন অধ্যয়ন কৰিছিল -বৃন্দাবন গোস্বামী
–সম্বৰ্ধনা শীৰ্ষক গ্ৰন্থ উন্মোচন
শোণিতপুৰ, ০৫ ছেপ্টেম্বৰ (হি.স.)। ‘‘ৰাজীৱ গান্ধীয়ে আহ্বান কৰা শিক্ষামন্ত্ৰী সন্মিলনত মই অসম শিক্ষাৰ প্ৰসাৰৰ বাবে এখন ব্লেকবোৰ্ড লাগে বুলি কৈছিলো। কাৰণ সেই সময়ত অসমত ২০ শতাংশ স্কুলতহে ব্লেকবোৰ্ড আছিল। মোৰ প্ৰস্তাব ৰাজীৱ গান্ধীয়ে মানি লোৱাই নহয়, উচ্চ প্ৰশংসাও কৰিছিল। ফলত অসমত প্ৰাথমিক শিক্ষাৰ উন্নয়নৰ বাবে অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনি গ্ৰহণ কৰি ৰূপায়ণ কৰা হৈছিল। ’’– আজি বিয়লি তেজপুৰৰ জিলা কৃতী শিক্ষকৰ বঁটা প্ৰদান তথা ৬৪ সংখ্যক জিলাখনৰ কেন্দ্ৰীয় শিক্ষক দিৱসত মন্তব্য কৰে প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীয়ে ।
শোণিতপুৰ জিলাৰ আয়ুক্ত তথা উদযাপন সমিতিৰ সভাপতি আনন্দ কুমাৰ দাসৰ পৌৰোহিত্যত ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ সহকাৰী শিক্ষক পংকজ বৰুৱা সম্পাদিত সম্বৰ্ধনা শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি তেজপুৰৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন শিক্ষামন্ত্ৰী গোস্বামীয়ে আৰু কয় -ৰাধাকৃষ্ণণে খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানত ভাৰতীয় দৰ্শন অধ্যয়ন কৰিছিল। তেওঁ বিশ্বৰ বহুকেইখন উল্লেখযোগ্য বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল , ইউনেস্কৰ দৰে মঞ্চত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। আগন্তুক সময়ত সকলোৰে ভাল হওক বুলি মন্তব্য কৰি সকলো শিক্ষকে তেওঁলোকৰ কৰ্মেৰে উজলি উঠক বুলিও আশা ব্যক্ত কৰে ।
মহান দাৰ্শনিক পণ্ডিত সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটোৰ শিক্ষক দিৱসৰ শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা ভিত্তিক তেজপুৰত আয়োজন কৰা ৬৪ সংখ্যক কেন্দ্ৰীয় অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি অসম চৰকাৰৰ পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰৰ লগতে অসম চৰকাৰৰ এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাইও শিক্ষক সমাজক উদ্দেশ্যী শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে ।
উদযাপন সমিতিৰ পুস্তিকা সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটি আৰম্ভ হয় জিলা আয়ুক্তৰ দ্বাৰা ৬৪ গছি বন্তি প্ৰজ্বলনেৰে ।আমন্ত্ৰিত অতিথি সকলৰ লগতে শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত কবিতা কাকতি কোৱঁৰৰ উপৰি সকলো শিক্ষক সংগঠনৰ সভাপতি -সম্পাদক সকলেও বন্তি প্ৰজ্বলনত অংশ গ্ৰহণ কৰাৰ পিছত তেজপুৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষয়িত্ৰী অভিলাসা কাশ্যপৰ বৰগীতেৰে মূল সভা আৰম্ভ হয় । শোণিতপুৰ জিলাৰ বিদ্যালয় শিক্ষা বিভাগৰ জিলা বিষয়া প্ৰভাত দাসে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আজিৰ দিনটোৰ তাৎপৰ্য্য ব্যখ্যা কৰি আগবঢ়োৱা ভাষণত নিজৰ জীৱনৰ শিক্ষা জীৱনৰ আদৰ্শ শিক্ষক সকলৰ স্মৃতি ৰোমন্থন কৰে ।
তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথ ,বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক নিলোৎজ্বল শৰ্মা আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মঞ্জু বাঢ়ৈয়ে বিশেষ আসন শুৱনি কৰা মূল অনুষ্ঠানটিত জিলাখনৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্য্যায়লৈ ৩৪ গৰাকী শিক্ষক -শিক্ষয়িত্ৰীক জিলা প্ৰশাসনে কৃতী শিক্ষকৰ অভিধাৰে বিভূষিত কৰে । উল্লেখ্য যে জিলাখনৰ সকলো শিক্ষক সংগঠনৰ লগতে বিদ্যালয় শিক্ষা বিভাগৰ সহযোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাব্দী ভৱনত অনুষ্ঠিত হ’ব জিলা পৰ্য্যায়ৰ কেন্দ্ৰীয় শিক্ষক দিৱসৰ দিনটোৰ পুৱাৰ ভাগত উদযাপন সমিতিয়ে ৮০ ৰ উৰ্ধৰ দুগৰাকী শিক্ষক ক্ৰমে কনক গোস্বামী আৰু সুৰেন্দ্ৰ মোহন নাথক বাসগৃহত গৈ বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।
আজি এই অনুষ্ঠানত জিলা কৃতী শিক্ষকৰ অভিধাৰে বিভূষিত হোৱা শিক্ষক -শিক্ষয়িত্ৰী সকল হ’ল – মিন্টু নাৰ্জাৰী, ভাৰপ্ৰাপ্ত অধ্যক্ষ, হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিজয় কুমাৰ দাস, ভাৰপ্ৰাপ্ত অধ্যক্ষ, ভঙা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়,সত্য ৰঞ্জন শর্মা, বিষয় শিক্ষক, ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নিৰণ বৰা, বিষয় শিক্ষক, জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ইনু গগৈ, বিষয় শিক্ষক, পি.এম.শ্রী ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ভৱেশ হুজুৰী, বিষয় শিক্ষক, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ভূপেন বৰদলৈ, সহকাৰী শিক্ষক, তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়, দীপ হাজৰিকা, ভাৰপ্ৰাপ্ত প্রধান শিক্ষক, উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ভাৰতী মিশ্র, সহকাৰী শিক্ষয়িত্রী, চন্দ্ৰ নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰঞ্জন কুমাৰ নাথ, ভাৰপ্ৰাপ্ত অধ্যক্ষ, অমিয় দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়, কুমুদ চন্দ্র নাথ, সহকাৰী শিক্ষক, বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, চন্দ্ৰ শেখৰ শইকীয়া, সহকাৰী শিক্ষক, তেজপুৰ বঙালী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, ষড়ানন দেৱ নাথ, সহকাৰী শিক্ষক, জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, জয়ন্ত শইকীয়া, ভাৰপ্ৰাপ্ত প্রধান শিক্ষক, চিৰাজুলি হাইস্কুল, প্ৰণৱ কুমাৰ শৰ্মা, সহকাৰী শিক্ষক, শ্বহীদ দ্বিজেন ভূগ্র উচ্চতৰ মাধ্যমিক বিদ্যালয়, দিপক চন্দ্র নাথ, প্রধান শিক্ষক, বৰজুলি হাইস্কুল, অৰূপ কুমাৰ সন্দিকৈ, সহকাৰী শিক্ষক, শ’লমৰা হাইস্কুল, প্রদীপ কুমাৰ তপ্ন, সহকাৰী শিক্ষক, ঘগৰা নেহৰু উচ্চ মাধ্যমিক বিদ্যালয়, মেৰী দত্ত, সহকাৰী শিক্ষয়িত্রী, এছ.জি.চি.এছ.এছ, কেতেকীবাৰী বালিকা মজলীয়া বিদ্যালয়, বিনু বৰা, সহকাৰী শিক্ষয়িত্ৰী, বৰভগীয়া মজলীয়া বিদ্যালয়,জ্যোতি প্ৰসাদ নাথ, সহকাৰী শিক্ষক, গোপীনাথ বৰদলৈ মজলীয়া বিদ্যালয়, টুক বাহাদুৰ লিম্বু, প্রধান শিক্ষক, দীঘলী মধ্য ইংৰাজী বিদ্যালয়, সঞ্জীৱ শৰ্ম্মা, ভাৰপ্ৰাপ্ত প্রধান শিক্ষক, মীনা বস্নেত মধ্য ইংৰাজী বিদ্যালয়, তাপস মুখার্জী, বিজ্ঞান শিক্ষক, ডন বন্ধ’ মধ্য ইংৰাজী বিদ্যালয়, ঢেকিয়াজুলি, সচিতানন্দ সিং, সহকাৰী শিক্ষক, পি.এম.শ্রী গান্ধী আশ্রম মধ্য ইংৰাজী বিদ্যালয়, তেজপুৰ, চন্দন দাস, ভাৰপ্ৰাপ্ত প্রধান শিক্ষক, সোপোৰা চুবুৰী প্রাথমিক বিদ্যালয়, ভূপেন ভূঞাঁ, প্রধান শিক্ষক, মিজিবাৰী প্ৰাথমিক বিদ্যালয়, বিপিন চন্দ্র নাথ, প্রধান শিক্ষক, চিলভাৰ জুবিলী প্রাথমিক বিদ্যালয়, দ্রোণ কুমাৰ গুৰুং, প্রধান শিক্ষক, ১ নং বৰডিকৰাই প্রাথমিক বিদ্যালয়,জয়নাল আবেদিন আহমেদ, প্রধান শিক্ষক, শিঙিতলী প্রাথমিক বিদ্যালয়, মার্গাৰেট কাণ্ডুলনা, সহকাৰী শিক্ষয়িত্রী, বৰআটী প্রাথমিক বিদ্যালয়, শুভঙ্কৰ দে, সহকাৰী শিক্ষক, ২৪ নং ৰঙাপৰা প্ৰাথমিক বিদ্যালয় ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ
