
সিদ্ধাৰ্থ মালহোত্ৰা আৰু জাহ্নৱী কাপুৰৰ ‘পৰম সুন্দৰী’ ছবিখন মুক্তি পোৱাৰ এসপ্তাহ হ’ল। ২৯ আগষ্টত মুক্তি পোৱা এই ৰোমান্টিক কমেডী ছবিখনৰ পৰা নিৰ্মাতাসকলে বহু আশা কৰিছিল যদিও বক্স অফিচত দৰ্শকৰ পৰা ছবিখনে একে সঁহাৰি পোৱা নাই। ইয়াৰ উপাৰ্জন দিনে দিনে কমি আহিছে। এতিয়া সপ্তম দিনৰ সংগ্ৰহৰ প্ৰতিবেদন ওলাইছে, য’ত পুনৰ উপাৰ্জন হ্ৰাস পোৱা গৈছে।
চেকানিল্ক ৰ প্ৰতিবেদন অনুসৰি, মুক্তিৰ সপ্তম দিন বৃহস্পতিবাৰে ‘পৰম সুন্দৰী’ই ২.৭৫ কোটি টকাৰ ব্যৱসায় কৰিছিল। ইয়াৰ লগে লগে ছবিখনৰ মুঠ উপাৰ্জন ৭ দিনত ৩৯.৮৫ কোটি টকা হৈছেগৈ। প্ৰায় ৪৫ কোটি টকাৰ বাজেটত নিৰ্মিত এই ছবিখন পৰিচালনা কৰিছে তুষাৰ জালোটাৰ। সিদ্ধাৰ্থ মালহোত্ৰা আৰু জানহৱী কাপুৰৰ লগতে ৰেঞ্জী পানিকৰ, সিদ্ধাৰ্থ শংকৰ, মঞ্জোৎ সিং, সঞ্জয় কাপুৰ আৰু ইনায়ত ভাৰ্মাকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যায়।
বক্স অফিচত বৰ্তমান ‘পৰম সুন্দৰী’ৰ প্ৰতিদ্বন্দ্বিতা হৈছে ঋত্বিক ৰোশনৰ ‘ৱাৰ ২’ৰ সৈতে। ৫ ছেপ্টেম্বৰত টাইগাৰ শ্ৰফ আৰু সঞ্জয় দত্তৰ একচন ভৰ্তি ছবি ‘বাঘী ৪’ও মুক্তি পাইছে, য’ত সোণম বাজৱা আৰু হৰনাজ কৌৰ সন্ধুকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে। ইয়াৰ উপৰিও অনুপম খেৰ, মিথুন চক্ৰৱৰ্তী, পল্লৱ যোশীৰ দৰে প্ৰবীণ অভিনেতাকে ধৰি বিবেক অগ্নিহোত্ৰীৰ ‘দ্য বেংগল ফাইলছ’য়েও ডাঙৰ পৰ্দাত আঘাত হানিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
