বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলৰ প্ৰথমখন খেল ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হয়। এই খেলখনত ভাৰতে নিউজিলেণ্ডক ৭০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। এই খেলখনত বিৰাট কোহলীয়ে মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰি এদিনীয়া শতক অৰ্ধশতক সম্পূৰ্ণ কৰে। বিৰাটৰ অভিনয়ৰ পিছত অনুষ্কাই তেওঁৰ বাবে এটা বিশেষ পোষ্ট কৰিছিল।
অনুষ্কাই বিৰাটৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছিল, ‘‘আপুনি সঁচাকৈয়ে ঈশ্বৰৰ পৰা উপহাৰ। ঈশ্বৰ হৈছে সৰ্বশ্ৰেষ্ঠ লেখক! মই ঈশ্বৰৰ ওচৰত ইমান কৃতজ্ঞ যে মই আপোনাৰ প্ৰেম পাইছো, মই আপোনাক দিনে দিনে শক্তিশালী হোৱা দেখিছিলো আৰু আপোনাৰ সকলো ইচ্ছা পূৰণ হৈছিল। আপুনি সদায় নিজৰ আৰু খেলৰ সৈতে সৎ আছিল।”
কেৱল এয়াই নহয় অনুষ্কাই এই মেচখনত ৭টা উইকেট দখল কৰা মহম্মদ শ্বামীৰ বাবেও এটা কাহিনী লিখিছে। ‘প্লেয়াৰ অৱ দ্য মেচ’ ফটো শ্বেয়াৰ কৰাৰ সময়ত তেওঁ এটা হাত চাপৰি বজোৱা ইমোজি পোষ্ট কৰে।
ভাৰতীয় বেটছমেন আৰু বলাৰৰ ভাল প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলটোৱে বিশ্বকাপ ২০২৩ৰ ফাইনেলত প্ৰৱেশ কৰিছে।
