
গুৱাহাটী, ০৪ ছেপ্টেম্বৰ(হি.স.)। গুৱাহাটী মহানগৰৰ গড়চুকত এক নৃশংস হত্য়াকাণ্ড সংঘটিত হয়। বন্ধুৰ আক্ৰমণত নিহত হয় এজন বন্ধু। গড়চুকৰ বাথৌ বাৰীত দুই বন্ধুৰ মাজক সংঘটিত মাৰপিতৰ ঘটনাত নিহত হয় ৰিয়াজ আহমেদ। বন্ধু ৰফিকুল ইচলামে মৰিয়াই হত্য়া কৰে ৰিয়াজক।
ইফালে হত্য়া কৰি বশিষ্ঠ নদীত মৃতদেহ পেলাই দিয়ে। মৃতদেহৰ সন্ধানত বৰ্তমান নদী খনত এছডিআৰএফ য়ে অভিযান চলাইছে। পেচাত দুয়োজন মিস্ত্ৰি। দুয়ো বন্ধু দঃশালমাৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
