
নলবাৰী, ৩০ ডিচেম্বৰ (হি.স.): নলবাৰী জিলাৰ মুকালমুৱাত যোৱা কালি সোমবাৰে নিশা আৰক্ষীয়ে বুজন পৰিমাণৰ নিষিদ্ধ কফ চিৰাফ জব্দ কৰে । এই সন্দৰ্ভত এজন সৰবৰাহকাৰী আটক কৰে। ৰাজ্যজুৰি চলি থকা ড্ৰাগছ বিৰোধী কঠোৰ অভিযানৰ মাজতে মুকালমুৱা আৰক্ষীয়ে লাভ কৰিছে এই বৃহৎ সফলতা।
গোপন সূত্ৰৰ পম খেদি মুকালমুৱা আৰু আদাবাৰী আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ কফ চিৰাফসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, এক গোপন খবৰৰ ভিত্তিত মুকালমুৱা আৰু আদাবাৰী আৰক্ষীয়ে যুটীয়াভাৱে তালাচী চলাইছিল। এই অভিযানকালতে আৰক্ষীয়ে এখন চাৰিচকীয়া বাহনৰ পৰা ৯৭ টা নিষিদ্ধ কফ চিৰাফৰ বটল জব্দ কৰাৰ লগতে এখন চাৰিচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হয়। চাৰিচকীয়া বাহন খনৰ নম্বৰ এমএল ০৫ ইউ ২৭০২ বুলি জনা গৈছে । আটকধীন সৰবৰাহকাৰী জনৰ নাম অহিদুৰ ৰহমান বুলি জনা গৈছে ধৃত লোক জনৰ ঘৰ হাজোৰ বৰ্নিত বুলি কোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
