নগাঁও,: নগাঁৱৰ ৰূপহীহাটত যোৱাকালি নিশা পিষ্টলসহ আটক হয় ড্ৰাগছ মাফিয়া শ্বৰীফুল ইছলাম। নগাঁৱৰ ৰূপহীহাটৰ কদমগুৰিত ৰূপহীহাট আৰক্ষী আৰু কাৱৈমাৰী আৰক্ষীৰ যৌথ অভিযানত পিষ্টলসহ আটক কুখ্যাত ড্ৰাগছ মাফিয়া শ্বৰীফুল ইছলাম।
দীৰ্ঘদিনৰ পৰাই ড্ৰাগছ সৰবৰাহত জড়িত আছিল ধৃত শ্বৰীফুল ইছলাম। ধৃত শ্বৰীফুল ইছলামৰ কদমগুৰিৰৰ বাসগৃহত অভিযান চলাই ৭.৬২ এমএমৰ পিষ্টল উদ্ধাৰ কৰে আৰক্ষীয়ে। সম্প্ৰতি নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়ে জেৰা অব্যাহত ৰাখে ধৃত শ্বৰীফুল ইছলামক।
