নতুন দিল্লী, ০১ ছেপ্টেম্বৰ (হি.স.)। ৰাজহুৱা খণ্ডৰ টেলিকম কোম্পানী মহানগৰ টেলিফোন নিগম লিমিটেড (এম টি এন এল)ক ষ্টক এক্সচেঞ্জ এন এছ ই আৰু বি এছ ইয়ে শাস্তি প্ৰদান কৰিছে। ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডৰ নীতি নিয়ম অমান্য কৰাৰ বাবে ৬.৭৩ লাখ টকাৰ জৰিমনা বিহা হৈছে।
কোম্পানীটোৱে ষ্টক মাৰ্কেটক জনাইছে যে ব’ৰ্ডৰ গাঁথনি সন্দৰ্ভত ছেবিৰ মানদণ্ড পালন নকৰাৰ বাবে ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ আৰু বম্বে ষ্টক এক্সচেঞ্জে ৬.৭৩ লাখ টকাকৈ জৰিমনা বিহিছে। এমটিএনএলে কয় যে ছেবি (এলঅ’ডিআৰ) নিয়মাৱলী, ২০১৫ৰ বিধানসমূহ অমান্য কৰাৰ বাবে এনএছই আৰু বিএছইৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।ইয়াৰ ভিতৰত এগৰাকী মহিলা সঞ্চালক নিযুক্তি নিদিয়া, নিৰীক্ষণ সমিতি গঠনত অভাৱ, মনোনয়ন আৰু অধ্যৱসায় সমিতি গঠনত অমান্যতা, অংশীদাৰ সম্পৰ্ক সমিতি আৰু পৰিচালনা সমিতি আদি অন্তৰ্ভুক্ত।
এমটিএনএলে স্পষ্ট কৰি দিয়ে যে ই এটা ৰাজহুৱা খণ্ডৰ কাম আৰু স্বতন্ত্ৰ পৰিচালককে ধৰি সকলো ব’ৰ্ড নিযুক্তি প্ৰশাসনিক মন্ত্ৰালয় অৰ্থাৎ দূৰসংযোগ বিভাগে কৰে। কোম্পানীটোৱে জনোৱা মতে, ১৫ এপ্ৰিলৰ পৰা দূৰসংযোগ বিভাগে এগৰাকী মহিলা সঞ্চালককে ধৰি দুগৰাকী স্বতন্ত্ৰ সঞ্চালক নিযুক্তি দিছে। লগতে আৰু চাৰিজন স্বতন্ত্ৰ সঞ্চালক নিযুক্তিৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বিচাৰাধীন হৈ আছে। কোম্পানীটোৱে এন এছ ই আৰু বি এছ ইয়ে আৰোপ কৰা জৰিমনা ৰেহাইৰ বাবে অনুৰোধ জনাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
