নতুন দিল্লী, ২৪ ডিচেম্বৰ (হি.স.)। দেশৰ অসামৰিক বিমান পৰিবহণৰ বজাৰত নতুন প্ৰতিযোগিতাৰ সৃষ্টি হ’বলৈ ওলাইছে। শীঘ্ৰে ভাৰতত আৰম্ভ হ’ব অল হিন্দ এয়াৰ আৰু ফ্লাইএক্সপ্ৰেছ নামৰ দুটা নতুন বিমান সংস্থা। এই কোম্পানীসমূহে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ পৰা আপত্তি বিহীন প্ৰমাণ পত্ৰ (NOC) লাভ কৰিছে।
ইতিমধ্যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ পৰা অনুমোদন লাভ কৰিছে আল হিন্দ এয়াৰ আৰু ফ্লাইএক্সপ্ৰেছে। এই দুটা কোম্পানীৰ উপৰিও উত্তৰ প্ৰদেশৰ কোম্পানী শংক এয়াৰেও লাভ কৰিছে এন অ’ চি। ২০২৬ চনত তেওঁলোকৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
বিমান পৰিবহণ খণ্ডত প্ৰতিযোগিতা সৃষ্টিৰ প্ৰয়াসত ভাৰতত নতুন বিমান সংস্থাক অনুমোদন জনাইছে চৰকাৰে। ইয়াৰ ফলত কেইজনমান ডাঙৰ খেলুৱৈৰ আধিপত্য থকা খণ্ডত প্ৰতিযোগিতা আৰু অধিক বৃদ্ধি পাব।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে. বৰ্তমান দেশত ৯ খন ঘৰুৱা বিমান সংস্থাই নিয়মীয়াকৈ বিমান সেৱা চলাই আছে। তেওঁ কয় যে উডানৰ দৰে আঁচনিৰ দ্বাৰা ষ্টাৰ এয়াৰ, ইণ্ডিয়াৱান এয়াৰ, আৰু ফ্লাই৯১ৰ দৰে সৰু সৰু বিমান সংস্থাসমূহে দেশৰ ভিতৰত আঞ্চলিক সংযোগত মূল ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে আৰু ভৱিষ্যতে বৃদ্ধিৰ অধিক পৰিসৰ আছে।
অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ তথ্য অনুসৰি এয়াৰ ইণ্ডিয়া, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ, ইণ্ডিগ’, আৰু ৰাজহুৱা খণ্ডৰ এলায়েন্স এয়াৰৰ উপৰিও আন বিমান সংস্থাসমূহ হ’ল আকাছা এয়াৰ, স্পাইচজেট, ষ্টাৰ এয়াৰ, ফ্লাই৯১, আৰু ইণ্ডিয়াৱান এয়াৰ। ঋণৰ বোজাৰ বাবে বিগত কেইবছৰমানৰ পৰা গ’ফাৰ্ষ্ট আৰু জেট এয়াৰৱেজকে ধৰি কেইবাটাও বিমান সংস্থাই বিমান সেৱা বন্ধ কৰি দিছে।
আঞ্চলিক বিমান সংস্থা ফ্লাইবিগে অক্টোবৰ মাহত নিয়মীয়া বিমান সেৱা বন্ধ কৰি দিছিল। ইণ্ডিগ’ এয়াৰলাইন্স আৰু এয়াৰ ইণ্ডিয়া গ্ৰুপ (এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ) একেলগে ঘৰুৱা বজাৰৰ ৯০% তকৈ অধিক লাভ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
