
বৰপেটা, ০১ ছেপ্তেম্বৰ (হি.স.): বজালীৰ ১২৭ নং আন্তৰাষ্ট্ৰীয় ঘাইপথৰ ভোটান্ত মহিতৰাত যোৱাকালি দেওবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।অচিনাক্ত বাহনে মহটিয়াই নিলে এজন মটৰ চাইকেল আৰোহীক। গুৰুতৰ ভাৱে আহত হয় মটৰ চাইকেল আৰোহীজন। আহত আৰোহী জন বাঘমাৰাৰ ৰন্তেশ্বৰ কলিতা বুলি জানিব পৰা গৈছে।
আহত ব্যক্তি জনক পাঠশালা শ্বহীদ মদন ৰাউতা অসমাৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিওঁ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে । ইফালে দুৰ্ঘটনাটোৰ পিছতে ৪৫ মিনিট ধৰি ১০৮ এম্বুলেন্সক ফোন কৰি থকাৰ পিছতো উপস্থিত নোহোৱাক লৈ স্থানীয় ৰাইজৰ ক্ষোভ ব্যক্ত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
