কামৰূপ, ০৯ ডিচেম্বৰ (হি.স.): কামৰূপৰ শিঙিমাৰীত যোৱা কালি সোমবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । স্কুটি বাহনৰে মহটিয়াই নিলে দুই পথচাৰীক । দুৰ্ঘটনাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় লোক দুজন ।
শিঙিমাৰী আলিকাষৰ বিকি আলী নামৰ ড্ৰাগছ আসক্ত যুৱকজনে সংঘটিত কৰিলে এই ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ নম্বৰ এএছ ০১ জিএল ৫০৩৪ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা বিকি আলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছৰ সৈতে দুটাকৈ চিৰিন্স। দুৰ্ঘটনাত আঘাপ্ৰাপ্ত লোক দুজন হৈছে শিঙিমাৰীৰ ভোলাৰাম বৰ্মন আৰু হেমন্ত বৰ্মন । আঘাতপ্ৰাপ্ত লোক দুজনক ততাতয়াকৈ শিঙিমাৰী আদৰ্শ চিকিসালয়ত ভৰ্তি কৰা হয় যদিও বৰ্তমান উন্নত চিকিৎসাৰ বাবে জি এম চি এছ লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
