নতুন দিল্লী, ০১ ছেপ্টেম্বৰ (হি.স.)। চীনৰ টিয়ানজিনত চলি থকা চাংহাই সহযোগিতা সংস্থা (এছচিঅ’) বৈঠকত সোমবাৰে পেহেলগাম কাণ্ডৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদক মানৱতাৰ বাবে সৰ্ববৃহৎ প্ৰত্যাহ্বান বুলি অভিহিত কৰে। তেওঁ কয় যে এই সন্দৰ্ভত যিকোনো ধৰণৰ দ্বৈত মানদণ্ড গ্ৰহণযোগ্য নহয় আৰু সকলো দেশেই একত্ৰিত হৈ ইয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগে। তেওঁ জোৰ দি কয় যে, কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ সন্ত্ৰাসবাদৰ প্ৰতিটো ৰূপ আৰু ৰঙৰ বিৰোধিতা কৰাটো মানৱতাৰ প্ৰতি আমাৰ কৰ্তব্য। টিয়ানজিন (চীন)ত অনুষ্ঠিত ২৫ সংখ্যক এছ চি অ’ শীৰ্ষ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে উপৰোক্ত কথাখিনি কয়। ভাষণত তেওঁ কয় যে বিগত ২৪ বছৰ ধৰি ভাৰতে এছ চি অ’ৰ ভিতৰত সদায় ইতিবাচক আৰু গঠনমূলক ভূমিকা পালন কৰি আহিছে। ভাৰতৰ নীতি নিৰাপত্তা, সংযোগ আৰু সুযোগৰ এই তিনিটা স্তম্ভৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে নিৰাপত্তা, শান্তি আৰু স্থিতিশীলতা যিকোনো দেশৰ প্ৰগতিৰ ভেটি। এই লক্ষ্যসমূহৰ বাটত সন্ত্ৰাসবাদেই আটাইতকৈ ডাঙৰ বাধা। শেহতীয়াকৈ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি তেওঁ কয় যে এয়া সমগ্ৰ মানৱ জাতিৰ ওপৰত প্ৰত্যক্ষ আঘাত। এই কঠিন সময়ত ভাৰতৰ সৈতে থিয় দি থকা বন্ধুত্বপূৰ্ণ দেশসমূহৰ প্ৰতি তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।
তেওঁ কয় যে এই আক্ৰমণে সন্ত্ৰাসবাদক মুকলিকৈ সমৰ্থন কৰা দেশসমূহৰ আচৰণ মানি ল’ব পৰা যাব নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয় যে এইবাৰ ভাৰতে যুটীয়া তথ্য অভিযানৰ নেতৃত্ব দি সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্যোগ লৈছে। সন্ত্ৰাসবাদী বিত্তীয় সাহায্যৰ বিৰুদ্ধে মাত মাতিছে।
উল্লেখযোগ্য যে ২০০১ চনত ছাংহাই সহযোগিতা সংস্থা প্ৰতিষ্ঠা হৈছিল আৰু আজি ই এছিয়া অঞ্চলৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু নিৰাপত্তা সহযোগিতাৰ এক প্ৰধান মঞ্চত পৰিণত হৈছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
