
চৰাইদেউ, ৩১ আগষ্ট (হি.স.)। চৰাইদেউ জিলাৰ সোণাৰিৰ আইদেউ কাঠনীত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত ভয়ংকৰ বিস্ফোৰণ ঘটে এটা গেছ চিলিণ্ডাৰ। ৰাধে শ্যাম তেলী নামৰ লোকজনে জ্বলাই দিয়ে নিজৰ বাসগৃহ। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ বাসগৃহটো ভস্মীভূত হয়। এই অগ্নিকাণ্ডত বাসগৃহটোৰ সকলো সা সামগ্ৰী জুইত জাহ যায়।
ঘটনা স্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে। ঘৰুৱা কন্দলৰ অন্তত পত্নীক মাৰ ধৰ কৰি কুঠাৰেৰে ঘৰখনৰ সা সামগ্ৰী ভাঙি জ্বলাই দিয়াৰ অভিযোগ কৰিছে পত্নীয়ে । সম্প্ৰতি পলাতক অৱস্থাত অভিযুক্ত ৰাধে শ্যাম তেলী। ইফালে সোণাৰি আৰক্ষীৰ এটা দল ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
