
নলবাৰী, ৩০ আগষ্ট (হি.স.)। এক ভয়ঙ্কৰ ঘটনাই জোকাৰিছে নলবাৰী। নলবাৰীৰ মহখলিত সংঘটিত হৈছে লোমহৰ্ষক ডকাইতি কাণ্ড। নিশা ডকাইতৰ দলে হত্যা কৰে ঘৰৰ গৰাকীক। হত্যাৰ বলি হোৱা লোকজন নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰী কৰ্মচাৰী প্ৰমোদ বৰ্মন বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য়মতে, গৃহস্থ পতি পত্নীক অচেতন কৰি হাতভৰি বান্ধি পেলাই থৈ ডকাইতি কাণ্ড সংঘটিত কৰে। ইফালে পতিৰ চেতনাবোধ ঘুৰি অহাত ডকাইতৰ দলে হত্যা কৰে গৃহস্থক। ডকাইতৰ দলে হাত-ভৰি বান্ধি ডিঙি চেপি থেকেচি থেকেচি হত্যা কৰিলে গৃহস্থক ৷ নিশা প্ৰায় ১০ বজাত সংঘটিত হ’ল এই লোমহৰ্ষক ঘটনা। বেলশৰ থানাৰ অন্তৰ্গত মহখলিৰ প্ৰমোদ বৰ্মনৰ ঘৰত তিনিজনীয়া ডকাইতৰ দল প্ৰৱেশ কৰি প্ৰায় আধা ঘন্টা ধৰি চলালে লুটপাত।
উল্লেখ্য় যে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ সময়তে ঘৰত প্ৰবেশ কৰে ডকাইতৰ দল। অকলে থকা বৃদ্ধ দম্পতীহালক ৰচীৰে বান্ধি সংঘটিত কৰে এই কাণ্ড। হেণ্ডগ্লোভচ ক’লা কাপোৰ পিন্ধি প্ৰবেশ ঘটিছিল ডকাইতৰ দলটো। ইফালে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত চলায়।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
