
ধুবুৰী, ৩০ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। যোৱাকালি শুকুৰবাৰে নিশা চলোৱা অভিযানত বেলতলীৰ পৰা ড্ৰাগছ মাফিয়া মহিবুল হকক আটক কৰে আৰক্ষীয়ে। মহিবুল হকৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰে।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী জন পুৰণি বজাৰৰ মহিবুল হক বুলি জানিব পৰা গৈছে। মহিবুলে হকে চাপৰৰ পৰা যাত্ৰাবাহী বাছেৰে আহি থকা অৱস্থাত বেলতলীত হাতে লতে আটক কৰে আৰক্ষীয়ে। সম্প্ৰতি ড্ৰাগছ মাফিয়া মহিবুল হকক বিলাসীপাৰা থানাত লৈ ড্ৰাগছৰ লগত জড়িত হৈ থকা আন আন ব্যক্তিৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
