নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। জাপানৰ তাকাছাকি-গুণমাৰ শ্বোৰিঞ্জন দাৰুমা-জী মন্দিৰৰ মুখ্য পুৰোহিত ৰেভাৰেণ্ড ছেইছি হিৰোছে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিশেষ দাৰুমা পুতলা প্ৰদান কৰে। এই উপহাৰ ভাৰত আৰু জাপানৰ মাজত গভীৰ সভ্যতা আৰু আধ্যাত্মিক সম্পৰ্কৰ প্ৰতীক হিচাপে বৰ্ণনা কৰা হৈছে।
জাপানী সংস্কৃতিত দাৰুমা পুতলাক মংগল আৰু সৌভাগ্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই পৰম্পৰা জাপানৰ গুনমা প্ৰদেশৰ তাকাছাকি চহৰৰ সৈতে জড়িত, যিখন চহৰক দাৰুমা পুতলাৰ জন্মস্থান বুলি গণ্য কৰা হয়।
দাৰুমা পৰম্পৰাৰ শিপা ভাৰতৰ লগত জড়িত। জাপানত দাৰুমা দেশী নামেৰে পৰিচিত কাঞ্চিপুৰমৰ মহান ভাৰতীয় সন্ন্যাসী বোধিধৰ্মৰ সৈতে ইয়াৰ সম্পৰ্ক আছে। কোৱা হয় যে তেওঁ হাজাৰ বছৰতকৈও অধিক পূৰ্বে জাপান ভ্ৰমণ কৰিছিল আৰু একে পৰম্পৰাই পিছলৈ দাৰুমা সংস্কৃতিলৈ ৰূপান্তৰিত হৈছিল।
প্ৰধানমন্ত্ৰীলৈ দাৰুমা পুতলা উপহাৰ দিয়াটো ভাৰত আৰু জাপানৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঘনিষ্ঠতা আৰু অধিক শক্তিশালী কৰাৰ প্ৰতীক হিচাপে বিবেচিত হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
