নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। ক্ৰীড়া মন্ত্ৰী মনছুখ মাণ্ডবিয়াই শুকুৰবাৰে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ভাৰতৰ প্ৰথমটো মণ্ডো ট্ৰেক উদ্বোধন কৰে । ২৬ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ ইয়াত অনুষ্ঠিত হ’ব বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ।ইয়াৰ লগে লগে অলিম্পিককে ধৰি বিশ্বৰ ডাঙৰ ডাঙৰ এথলেটিকছ ইভেণ্টত ব্যৱহাৰ কৰা ট্ৰেক ছাৰ্ফেচ স্থাপন কৰা ভাৰত বিশ্বৰ ২৫ সংখ্যক দেশ হিচাপে পৰিগণিত হয়।
উন্মোচনী অনুষ্ঠানত বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰাক্তন ব্ৰঞ্জৰ পদক বিজয়ী লং জাম্পাৰ অঞ্জু ববি জৰ্জ, দুবাৰৰ পেৰালিম্পিক চেম্পিয়ন তথা ভাৰতীয় পেৰালিম্পিক কমিটিৰ মুৰব্বী দেৱেন্দ্ৰ ঝাঝৰীয়াৰ লগতে জেভেলিন নিক্ষেপকাৰী সুমিত আণ্টিল, দৌৰবিদ প্ৰীতি পাল আৰু ছিমৰণ শৰ্মাৰ দৰে কেইবাগৰাকীও পেৰালিম্পিক পদক বিজয়ী উপস্থিত থাকে। ট্ৰেকটো দুটা স্তৰৰ ভলকেনাইজড ৰবৰৰ দ্বাৰা নিৰ্মিত, যিয়ে খেলুৱৈসকলৰ প্ৰদৰ্শন বৃদ্ধি কৰে আৰু আঘাতৰ সম্ভাৱনা হ্ৰাস কৰে।
মাণ্ডবিয়াই কয় যে এই সুবিধাই ভাৰতীয় ক্ৰীড়াৰ বাবে নতুন দিগন্ত মুকলি কৰিব। সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, দেশৰ বাবে এইটো এটা ডাঙৰ মুহূৰ্ত আৰু আমি সকলোৱে আজি গৌৰৱান্বিত যে ভাৰতত এতিয়া নিজাকৈ মণ্ডো ট্ৰেক আছে। অনাগত মাহত ইয়াৰ প্ৰথমখন প্ৰতিযোগিতা আয়োজন কৰা হ’ব আৰু ভাৰতে এতিয়া কমনৱেলথ গেমছ ২০৩০ আৰু অলিম্পিক ২০৩৬ৰ বাবে আনুষ্ঠানিকভাৱে নিবিদা কৰিব আৰু অনুমোদন লাভ কৰাৰ আশা কৰিছে। ভাৰতীয় ক্ৰীড়াৰ ক্ষেত্ৰত চৰকাৰৰ দীৰ্ঘম্যাদী দৃষ্টিভংগী পুনৰবাৰ উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। প্ৰতিভাক লালন-পালন আৰু আন্তঃগাঁথনি উন্নত কৰাৰ ৰোডমেপৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে আমাৰ লক্ষ্য ২০৪৭ চনৰ ভিতৰত ভাৰতক ক্ৰীড়া মহাশক্তি হিচাপে গঢ়ি তোলা।
ভাৰতীয় পেৰালিম্পিক সমিতিৰ মুৰব্বী দেৱেন্দ্ৰ ঝাঝাৰিয়াই সংবাদ মাধ্যমৰ ভাষণত কয় যে, মই সদায় ক্ৰীড়াবিদ হিচাপে মণ্ডো ট্ৰেকত জেভেলিন নিক্ষেপ কৰিব বিচাৰিছিলো কিন্তু আজি এজন প্ৰশাসক হিচাপে এই ট্ৰেকৰ উদ্বোধন দেখি গৌৰৱ অনুভৱ কৰিছো। ইয়াৰ দ্বাৰা ভাৰতীয় খেলুৱৈসকলক আগবাঢ়ি যোৱাত সহায়ক হ’ব। ৰাষ্ট্রীয় ক্ৰীড়া দিৱসত দেশবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছো, আজি আমি সকলোৱে ভাৰতক ফিট কৰি ৰাখিবলৈ আৰু আৰু ভাল কৰি তুলিবলৈ শপত লৈছো।’
हिन्दुस्थान समाचार / Manoj Kumar Saikia
