নতুন দিল্লী, ২৮ নৱেম্বৰ (হি.স.)। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শুকুৰবাৰে ঘোষণা কৰে যে ভাৰতীয় মহিলা ক্ৰিকেট দলে শ্ৰীলংকাৰ বিৰুদ্ধে ২১ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ পাঁচখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলা খেলিব। বিশাখাপট্টনম আৰু তিৰুৱনন্তপুৰমত সকলো খেল অনুষ্ঠিত হ’ব।
এই শৃংখলা খনে নীলা ৰঙৰ মহিলাৰ বাবে বিশেষ তাৎপৰ্য্য লাভ কৰিছে, কিয়নো নৱেম্বৰ মাহত বিশ্বকাপ জয় কৰাৰ পিছত এইখন হ’ব তেওঁলোকৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা। একে সময়তে ভাৰতে বাংলাদেশৰ বিৰুদ্ধে ঘৰুৱা শৃংখলা খেলাৰ কথা আছিল যদিও দুয়োখন দেশৰ মাজত ৰাজনৈতিক উত্তেজনাৰ বাবে শৃংখলা পিছুৱাই দিয়া হয়।
২০১৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰি দ্বিপাক্ষিক টি-২০ শৃংখলা খেলিবলৈ ওলাইছে শ্ৰীলংকাৰ দলটোৱে। যোৱাবাৰ ভাৰতে আলহী দলটোক ৩-০ ব্যৱধানত ক্লিন ছুইপ কৰিছিল। শ্ৰীলংকাৰ বিৰুদ্ধে এই শৃংখলা সমাপ্ত হোৱাৰ পিছত মহিলা প্ৰিমিয়াৰ লীগৰ চতুৰ্থ ছিজন অনুষ্ঠিত হ’ব, তাৰ পিছত ভাৰতীয় দলটোৱে ফেব্ৰুৱাৰী-মাৰ্চ মাহত অষ্ট্ৰেলিয়াত বহু ছিৰিজ ভ্ৰমণত নামিব।
ভাৰত আৰু শ্ৰীলংকাৰ মাজত ৫খন খেলৰ টি-২০ শৃংখলাৰ সূচী এনেধৰণৰ-
প্ৰথম টি২০ – ২১ ডিচেম্বৰ – বিশাখাপট্টনম।
দ্বিতীয় টি২০ – ২৩ ডিচেম্বৰ – বিশাখাপট্টনম।
তৃতীয় টি-২০ – ২৬ ডিচেম্বৰ – তিৰুৱনন্তপুৰম।
চতুৰ্থ টি-২০ – ২৮ ডিচেম্বৰ – তিৰুৱনন্তপুৰম।
পঞ্চম টি-২০ – ৩০ ডিচেম্বৰ – তিৰুৱনন্তপুৰম।
हिन्दुस्थान समाचार / অৰৱিন্দ
