তেহৰাণ (ইৰাণ), ২৮ আগষ্ট (হি.স.)। ইৰাণৰ দক্ষিণ-পূব প্ৰদেশ ছিস্তান আৰু বেলুচিস্তানত সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে তিনিটা অভিযানত ইছলামিক ৰিভল্যুচনেৰী গাৰ্ডছ কৰ্পছৰ গ্ৰাউণ্ড ফৰ্চৰ কুদছ ঘাটিয়ে যথেষ্ট সফলতা লাভ কৰিছে। চোৰাংচোৱা বিষয়াৰ সহযোগত চলোৱা এই অভিযানত ১৩টা সন্ত্ৰাসবাদী নিহত হয়। ইয়াৰ ভিতৰত আছে সন্ত্ৰাসবাদী সংগঠন জেইছ আল আদলৰ ৮ জন যোদ্ধা।
ইৰাণৰ সংবাদ সংস্থা তাছনিমৰ খবৰ অনুসৰি বুধবাৰে পুৱতি নিশা ইৰাণশ্বহৰ, খাছ আৰু ছাৰাভানত এই অভিযানসমূহ চলোৱা হয়। ইয়াৰ মাজতে বহু সন্ত্ৰাসবাদীকো গ্ৰেপ্তাৰ কৰা হয়। ইফালে ইছলামিক ৰিপাব্লিক অৱ ইৰাণৰ আইন প্ৰয়োগকাৰী কমাণ্ডৰ মুখপাত্ৰই কয় যে শেহতীয়াকৈ দক্ষিণ-পূব প্ৰদেশৰ ইৰাণশ্বহৰত আৰক্ষীৰ ঘাটিত সংঘটিত হোৱা মাৰাত্মক আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদীক নিৰ্মূল কৰা হৈছে।
জেনেৰেল ছাইদ মন্টাজেৰলামাহদীয়ে কয় যে বুধবাৰে পুৱাৰ ভাগত তেওঁৰ সহযোগীসকলে নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাৰ সহযোগত এক সফল অভিযান চলাই শেহতীয়াকৈ ইৰাণশ্বহৰৰ ‘দামান’ আৰক্ষী থানাত সংঘটিত আক্ৰমণৰ সৈতে জড়িত আঠজন সন্ত্ৰাসবাদীক হত্যা কৰে। এই আক্ৰমণত শ্বহীদ হৈছিল আৰক্ষী জোৱান। সন্ত্ৰাসবাদীৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গুলীৰ বৃহৎ ভঁৰাল জব্দ কৰা হৈছে বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে।
২২ আগষ্টত ছিস্তান আৰু বেলুচিস্তান প্ৰদেশৰ খাছ-ইৰাণশ্বাহৰ পথত দুটা আৰক্ষী টহলদাৰী দলত সশস্ত্ৰ আক্ৰমণকাৰীয়ে এম্বুছ কৰিছিল। এই আক্ৰমণত পাঁচজন আৰক্ষী বিষয়া নিহত হয়। তথাকথিত জেইছ আল আদল সন্ত্ৰাসবাদী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
