
বৰপেটা, ২৮ আগষ্ট (হি.স.): বৰপেটা দৌলাশাল গুৱাহাটী পথৰ বিধ্বস্ত ৰূপত অতিষ্ঠ হৈ পৰিছে ৰাইজ। পথটোত দৈনিক সৃষ্টি হৈছে ইটোৰ পিছত সিটো দ’ গাঁত। একপ্ৰকাৰ মৃত্যুদূতলৈ পৰ্যবসিত হৈ পৰা বৰপেটা দৌলাশাল গুৱাহাটী পথৰ বিভিন্ন গাঁতত পৰি নিতৌ সৰু বৰ দূৰ্ঘটনা হৈছে। পথৰ দুৰাৱস্থাৰ বাবে দূৰ্ঘটনাত বহু লোক আহত-নিহত হৈছে।
পথটোৰ বিলৰট্টাৰী, কেওঁটকুছি, ভেল্লা, বিষ্ণুপুৰ, বৰবিলা, নগাঁও, বাটগাঁও, চেঙা, গৰেমাৰী, ৰামপুৰ, মুকালমুৱা আদি ঠাইৰ বিভিন্ন অংশ জৰাজীৰ্ণ হৈছে।দৈনিক হেজাৰ হেজাৰ যান-বাহন গুৱাহাটীলৈ অহা যোৱা কৰা এই পথটোৰ পয়ালগা অৱস্থাই জীয়াতু ভোগাইছে সাধাৰণ জনতাক। ইপিনে ভগ্নাৱশেষ পথটোৰ পৰা ওলাই অহা জিৰ’ শিলত পিছলি পৰি বহু বাহন দূৰ্ঘটনা সংঘটিত হৈছে। পথটোৰে যাতায়ত কৰি সাধাৰণ জনতাই এক প্ৰকাৰ জীৱনৰ ৰিক্স ল’বলগীয়া হৈছে। পথৰ দুৰাৱস্থাৰ বাবেই যমৰ যাতনা ভূগিছে যান-বাহনৰ চালকৰ লগতে ছাত্ৰ-ছাত্ৰী, সাধাৰণ লোকসকলে । এইক্ষেত্ৰত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উৎসৱৰ পুৰ্বে পথটো কিছু মেৰামতি কৰি দিবলৈ কাতৰ অনুৰোধ জনাইছে ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
