কুৱেটা (বেলুচিস্তান) পাকিস্তান, ২৮ আগষ্ট (হি.স.)। পাকিস্তানৰ বায়ুসেনাৰ যুদ্ধ বিমানে মঙলবাৰে বিয়লি বেলুচিস্তানৰ বোলান অঞ্চলৰ মাচৰ কিছু অংশত বিমান আক্ৰমণ চলায়। ওচৰৰ বাসিন্দাসকলে জনোৱা মতে আৰু ছ’চিয়েল মিডিয়াত প্ৰচাৰিত প’ষ্টৰ মতে, গণিপাৰাৰ পাহাৰীয়া অঞ্চলৰ লগতে উৰ্দু বাগ আৰু ধাদৰৰ আশে-পাশে থকা অঞ্চলসমূহকো লক্ষ্য কৰি বোমা বিস্ফোৰণ কৰে।
বেলুচিস্তান পোষ্টে এই তথ্য প্ৰকাশ কৰিছিল যদিও এই বাতৰিসমূহ স্বতন্ত্ৰভাৱে নিশ্চিত কৰিব পৰা নাছিল। পাকিস্তানৰ সামৰিক সংবাদ মাধ্যমৰ শাখা আই এছ পি আৰ বা কোনো বেলুচ সশস্ত্ৰ সংগঠনেও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। বেলুচিস্তানত যুদ্ধ বিমান ব্যৱহাৰ কৰা হয় বুলি পাকিস্তানৰ বিষয়াসকলে বহুদিনৰ পৰা নাকচ কৰি আহিছে।
বিশ্লেষকসকলে কয় যে যদি যুদ্ধ বিমানৰ ব্যৱহাৰ নিশ্চিত হয় তেন্তে ইয়াৰ দ্বাৰা ইংগিত পোৱা যাব যে ইছলামাবাদে এতিয়া এই সংঘাতক এক গতানুগতিক যুদ্ধ হিচাপে লয়, যদিও সেয়া ৰাজহুৱাভাৱে স্বীকাৰ নকৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
