নতুন দিল্লী, ২৪ আগষ্ট (হি.স.)। ভাৰতীয় ক্ৰিকেট দলৰ ‘টেষ্ট স্পেচিয়েলিষ্ট’ বেটছমেন চেতেশ্বৰ পূজাৰাই দেওবাৰে ভাৰতীয় ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্টত পূজাৰাই তেওঁৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।
৩৭ বছৰীয়া পূজাৰাই নিজৰ বিখ্যাত ক্ৰিকেট কেৰিয়াৰৰ পৰা বিদায় দি কয় যে ভাৰতীয় জাৰ্চি পিন্ধা, ৰাষ্ট্ৰীয় সংগীত গোৱা আৰু প্ৰতিবাৰ খেলপথাৰত ভৰি দিলেই নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰা আৰু ইয়াৰ প্ৰকৃত অৰ্থ শব্দৰে বৰ্ণনা কৰাটো অসম্ভৱ। সম্পূৰ্ণ কৃতজ্ঞতাৰে ভাৰতীয় ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো। আপোনালোকৰ সকলো মৰম আৰু সহায়ৰ বাবে ধন্যবাদ।
চেতেশ্বৰ পূজাৰাই অৱসৰৰ পোষ্টত লিখিছে যে সৰু চহৰ ৰাজকোটৰ পৰা ওলাই আহি মই ভাৰতীয় ক্ৰিকেট দলৰ অংশ হোৱাৰ সপোন দেখিছিলো। তেতিয়া মোৰ কোনো ধাৰণা নাছিল যে এই খেলখনে মোক অমূল্য সুযোগ, অভিজ্ঞতা, উদ্দেশ্য, প্ৰেম, আৰু সৰ্বোপৰি মোৰ ৰাজ্য আৰু মহান দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিব। পূজাৰাই আৰু লিখিছে যে মোৰ ক্ৰিকেট কেৰিয়াৰত যি সুযোগ আৰু সহায় লাভ কৰিছো তাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই) আৰু সৌৰাষ্ট্ৰ ক্ৰিকেট সন্থাক ধন্যবাদ জনাইছো। বছৰ বছৰ ধৰি প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হোৱা সকলো দল, ফ্ৰেঞ্চাইজি আৰু কাউন্টি দলৰ প্ৰতিও মই কৃতজ্ঞ। মোৰ গুৰু, প্ৰশিক্ষক আৰু গাইডৰ অমূল্য শিক্ষাৰ অবিহনে মই ইয়াত উপস্থিত হ’ব নোৱাৰিলোহেঁতেন। তেওঁলোকৰ ওচৰত মই সদায় ঋণী হৈ থাকিম। মোৰ সকলো সতীৰ্থ, সহায়ক কৰ্মচাৰী, নেট বলাৰ, বিশ্লেষক, লজিষ্টিক দল, আম্পায়াৰ, গ্ৰাউণ্ড ষ্টাফ, স্ক’ৰাৰ, মিডিয়া কৰ্মী আৰু পৰ্দাৰ আঁৰত অক্লান্তভাৱে কাম কৰা সকলোকে বহুত বহুত ধন্যবাদ যাতে আমি এই মৰমলগা খেলখনত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰো আৰু খেলিব পাৰো।
পূজাৰাই তেওঁৰ পৃষ্ঠপোষক, অংশীদাৰ আৰু পৰিচালনা দলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে, যিয়ে তেওঁক বছৰ বছৰ ধৰি বিশ্বাস কৰিছিল আৰু লগতে তেওঁৰ অফ-ফিল্ড কাৰ্য্যকলাপৰ যত্ন লৈছিল। পূজাৰাই কয় যে এই খেলৰ জৰিয়তে তেওঁক বিশ্ব ভ্ৰমণ আৰু খেলাৰ সুযোগ দিয়া হৈছিল। সকলোতে তেওঁ অনুৰাগীৰ পৰা যথেষ্ট মৰম আৰু সমৰ্থন লাভ কৰিছিল। ইয়াৰ বাবে তেওঁ সদায় কৃতজ্ঞ হৈ থাকিব।
পূজাৰাই কয় যে তেওঁৰ পৰিয়াল অবিহনে এই যাত্ৰা সম্ভৱ নহয়। তেওঁ পিতৃ-মাতৃ, পত্নী পূজা, কন্যা অদিতি, শহুৰেক আৰু পৰিয়ালৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰে। পূজাৰাই লিখিছে যে পৰিয়ালটোৰ ত্যাগ আৰু সহায়-সহযোগিতাই তেওঁৰ যাত্ৰাক সাৰ্থক কৰি তুলিছিল। শেষত তেওঁ কয় যে এতিয়া তেওঁ জীৱনৰ পৰৱৰ্তী পৰ্যায়ত পৰিয়ালৰ সৈতে অধিক সময় কটাব বিচাৰে আৰু তেওঁলোকক অগ্ৰাধিকাৰ দিব বিচাৰে। সকলোকে মৰম আৰু সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
টেষ্টত চেতেশ্বৰ পূজাৰাৰ এক বৃহৎ অভিলেখ আছে। ভাৰতীয় দলৰ হৈ ১০৩খন টেষ্টত তেওঁ ৪৩.৬০ গড়ে ৭১৯৫ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁ ১৯টা শতক আৰু ৩৫টা অৰ্ধশতক অৰ্জন কৰে। টেষ্টত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ২০৬ নট আউট। পূজাৰাই ভাৰতৰ হৈ পাঁচখন এদিনীয়াও খেলিছিল, য’ত তেওঁ ৫১ ৰান সংগ্ৰহ কৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
