কাবুল (আফগানিস্তান), ২১ আগষ্ট (হি.স.)। পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক দাৰে আফগানিস্তানৰ তালিবান শাসনক নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি) আৰু বেলুচিস্তান লিবাৰেচন আৰ্মী (বিএলএ)ৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই সময়ছোৱাত পাকিস্তান, আফগানিস্তান আৰু চীনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যৌথ প্ৰচেষ্টা শক্তিশালী কৰাৰ সংকল্প লয়।
পাকিস্তানৰ কাকত দ্য এক্সপ্ৰেছ ট্ৰিবিউনৰ বাতৰি অনুসৰি যোৱাকালি বুধবাৰে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰী কাবুলত উপস্থিত হৈ ত্ৰিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। তালিবানে আফগানিস্তান পুনৰ দখল কৰাৰ পিছত এইটোৱেই আছিল ৱাং য়ীৰ কাবুল ভ্ৰমণৰ প্ৰথমটো। ত্ৰিপাক্ষিক বৈঠকৰ আঁৰত আফগান বিষয়াসকলৰ সৈতে দাৰ আৰু ৱাঙে পৃথক পৃথক দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আফগানিস্তানৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী মোল্লা আখুন্দক চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে তালিবান চৰকাৰে বেইজিঙৰ নিৰাপত্তাজনিত চিন্তাৰ প্ৰতি লক্ষ্য ৰাখিব বুলি আশা কৰিছে।
আফগানিস্তানৰ ভাৰপ্ৰাপ্ত বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীৰ সৈতে হোৱা বৈঠকত পাকিস্তানৰ বৈদেশিক মন্ত্ৰী দাৰে আফগান ভূমিত টিটিপি, বিএলএ আৰু মজিদ ব্ৰিগেডৰ উপস্থিতিৰ বিষয়টো উত্থাপন কৰে। শেহতীয়াকৈ আফগানিস্তানত সক্ৰিয় সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা পাকিস্তানৰ ভিতৰত সন্ত্ৰাসবাদী আক্ৰমণ বৃদ্ধি পোৱাক লৈ বৈদেশিক মন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰি টিটিপি, বিএলএ আৰু মজিদৰ বিৰুদ্ধে সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰিবলৈ আফগান কৰ্তৃপক্ষক আহ্বান জনায় বুলি ইছলামবাদস্থিত বৈদেশিক কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত প্ৰকাশ পাইছে।
বিবৃতিটোত কোৱা হৈছে যে আফগানিস্তানে নিজৰ ভূখণ্ড কোনো সন্ত্ৰাসবাদী সংগঠনে পাকিস্তান বা আন দেশৰ বিৰুদ্ধে ব্যৱহাৰ নকৰে বুলি পুনৰ প্ৰতিশ্ৰুতি দিছে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে নিৰাপত্তাজনিত সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰে যদিও দুয়োগৰাকী মন্ত্ৰীয়ে নিজৰ দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ ইতিবাচক অগ্ৰগতিৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে। পিছত ডাৰে চীন আৰু আফগান সমকক্ষসকলৰ সৈতে ৰাজনৈতিক, অৰ্থনৈতিক আৰু নিৰাপত্তা সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা ত্ৰিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। আফগানিস্তানত থকা পাকিস্তানৰ বিশেষ প্ৰতিনিধিয়ে ‘এক্স’ত এটা পোষ্টত কয় যে পাকিস্তান, চীন আৰু আফগানিস্তানে টিটিপি, বিএলএ আৰু অন্যান্য সন্ত্ৰাসবাদীকে ধৰি সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে যৌথ প্ৰচেষ্টা চলাবলৈ সন্মত হৈছে।
আফগান বৈদেশিক মন্ত্ৰী মুত্তকীয়ে কয় যে আফগানিস্তানৰ ইছলামিক আমিৰাটে অৰ্থনীতিক নিজৰ বৈদেশিক নীতিৰ কেন্দ্ৰীয় স্তম্ভ হিচাপে গঢ়ি তুলিছে আৰু আফগানিস্তানক কেৱল নিৰাপত্তা প্ৰত্যাহ্বানৰ প্ৰিজমৰ দ্বাৰা চোৱা দেশৰ পৰা আঞ্চলিক অৰ্থনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা চলি আছে। চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে কয় যে সময়ৰ লগে লগে আফগানিস্তানৰ সৈতে চীনৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিছে। তিনিওখন দেশৰ মাজত অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা গভীৰ হ’ব বুলি আশা প্ৰকাশ কৰে দাৰে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
