নতুন দিল্লী, ২১ আগষ্ট (হি.স.)। আজি বিশ্ব বজাৰৰ পৰা মিশ্ৰিত সংকেত লাভ কৰা হৈছে। পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰখন হ্ৰাস পোৱাৰ লগে লগে বন্ধ হৈছিল। অৱশ্যে আজি সামান্য বৃদ্ধিৰে ডাউ জ’নছ ফিউচাৰ্ছৰ ব্যৱসায় দেখা গৈছে। পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত ইউৰোপৰ বজাৰসমূহ মিশ্ৰিত ফলাফলৰ সৈতে বন্ধ হৈছিল। এছিয়াৰ বজাৰতো আজি মিশ্ৰিত ব্যৱসায় চলি আছে।
যোৱা অধিবেশনত বিগ টেক ষ্টক হ্ৰাস পোৱাৰ বাবে আমেৰিকাৰ বজাৰত অহৰহ হেঁচা আছিল, যাৰ বাবে ৱাল ষ্ট্ৰীটৰ সূচকাংক দুৰ্বলতাৰে বন্ধ হৈ পৰিছিল। এছ এণ্ড পি ৫০০ সূচকাংক ০.২৪ শতাংশ হ্ৰাস পাই ৬,৩৯৫.৭৮ পইণ্টত বন্ধ হয়। একেদৰে নাছডাকে ১৪২.১০ পইণ্ট বা ০.৬৭ শতাংশ হ্ৰাস পাই যোৱা অধিবেশনটো ২১,১৭২.৮৬ পইণ্টত সমাপ্ত কৰে। একে সময়তে আজি ০.০২ শতাংশ সামান্য বৃদ্ধিৰে বৰ্তমান ৪৪,৯৪৫.৯০ পইণ্টত ব্যৱসায় কৰা দেখা গৈছে ডাউ জ’নছ ফিউচাৰ্ছ।
যোৱা অধিবেশনত ইউৰোপৰ বজাৰসমূহত মিশ্ৰিত ব্যৱসায় দেখা গৈছিল। এফ টি এছ ই সূচকাংক ৯৮.৯২ পইণ্ট বা ১.০৭ শতাংশ বৃদ্ধিৰে ৯,২৮৮.১৪ পইণ্টত বন্ধ হয়। ইয়াৰ বিপৰীতে চিএচি সূচকাংকই যোৱা অধিবেশনত ০.০৮ শতাংশ লোকচানৰ সৈতে ৭,৯৭৩.০৩ পইণ্টত সমাপ্ত কৰে। ইয়াৰ উপৰিও ডেক্স সূচকাংক ১৪৬.১০ পইণ্ট বা ০.৬০ শতাংশ লোকচানৰ সৈতে ২৪,২৭৬.৯৭ পইণ্টত বন্ধ হয়।
এছিয়াৰ বজাৰতো মিশ্ৰিত ব্যৱসায় দেখা যায়। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত ৫খনৰ সূচকাংকই গ্ৰীণ মাৰ্কত শক্তিশালীভাৱে ব্যৱসায় কৰি আছে, আনহাতে ৪খন সূচকাংক হ্ৰাসৰ সৈতে ৰঙা মাৰ্কত আছে। ২৪৭.৫৫ পইণ্ট বা ০.৫৮ শতাংশ লোকচানৰ সৈতে নিকেই সূচকাংক ৪২,৬৪১ পইণ্টত ব্যৱসায় কৰা হৈছে। একেদৰে জাকাৰ্টা কম্পোজিট সূচকাংক ০.৪৬ শতাংশ হ্ৰাস পাই ৭,৯০৬.৯৮ পইণ্টৰ স্তৰত উপনীত হৈছে। ইয়াৰ উপৰিও হেং চেং সূচকাংক ০.৩৬ শতাংশ হ্ৰাস পাই ২৫,০৭৫ পইণ্ট আৰু ছেট কম্পোজিট সূচকাংক ০.২০ শতাংশ হ্ৰাস পাই ১২৪৫.৬৭ পইণ্ট হৈছে।
আনহাতে, গিফ্ট নিফ্টীয়ে ০.১৩ শতাংশ বৃদ্ধিৰে ২৫,১১৩.৫০ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে। একেদৰে ষ্ট্ৰেইটছ টাইমছ সূচকাংক ০.১১ শতাংশ জপিয়াই ৪,২২৪.১৩ পইণ্টৰ স্তৰত উপনীত হৈছে। আজি টাইৱান ওজনযুক্ত সূচকাংকই ডাঙৰ জঁপিয়াই পৰিছে। বৰ্তমান এই সূচকাংক ২৬৭.৯৫ পইণ্ট অৰ্থাৎ ১.১৩ শতাংশ বৃদ্ধিৰে ২৩,৮৯৩.৩৯ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে। একেদৰে কস্পি সূচকাংক ০.৯৩ শতাংশ বৃদ্ধিৰে ৩,১৫৯.০৬ পইণ্টত আৰু চাংহাই কম্পোজিট সূচকাংক ০.৩৫ শতাংশ বৃদ্ধিৰে ৩,৭৭৯.৫২ পইণ্টত ব্যৱসায় কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
