
মৰিগাঁঁও, ২০ আগষ্ট (হি.স.)। মৈৰাবাৰীৰ অবৈধ ড্ৰাগছ ব্যৱসায়ী নুৰ হুছেইনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।সূত্ৰ অনুসৰি, মফিদুল ইছলামৰ বাসগৃহত গোপন তথ্যৰ আধাৰত চলোৱা এটা অভিযানত চোৰাংচোৱাই নুৰ হুছেইনক আটক কৰে। ইপিনে পলাতক হৈ যায় মুখ্য অভিযুক্ত মফিদুল ইছলাম।
মৰিগাঁও জিলাৰ চোৰাংচোৱাই দুপৰীয়া সময়ত চলোৱা এই বিশেষ অভিযানত এটা চাবোনৰ বাকচ,এটা মোবাইল ফোন আৰু এ এছ ০২ ৱাই ২২৪৯ নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰে।নুৰ হুছেইনে দক্ষিণ মৈৰাবাৰী অঞ্চলত থকা নিজ ঘৰতে দীর্ঘদিন ধৰি অবৈধ ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল।ইতিমধ্যে ঘটনাস্থলীত মৈৰাবাৰী থানাৰ আৰক্ষীও উপস্থিত হৈ নুৰ হুছেইনক থানালৈ লৈ যায়।আৰক্ষীয়ে পলাতক অভিযুক্ত মফিদুল ইছলামক বিচাৰি বিশেষ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে, মৈৰাবাৰী অঞ্চলত ড্ৰাগছৰ মূল জাল বিস্তাৰ কৰোঁতা মফিদুল ইছলামৰ ছত্ৰ-ছায়াতেই নুৰ হুছেইনে বহুদিন ধৰি এই অবৈধ ব্যৱসায় চলাই আহিছিল। যদিও আৰক্ষী উপস্থিত হোৱা মাত্রেই মফিদুল পলাই যাবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
