কোকৰাঝাৰ, ১৯ আগষ্ট (হি.স.): সমাগত বিটিচি’ৰ পৰিষদীয় নিৰ্বাচনকলৈ তৎপৰ ৰাজনৈতিক দল সংগঠন । সমান্তৰালভাৱে চলিছে দলীয় নেতাৰ মুখ চুপতি । শেহতীয়াকৈ কচুগাঁও সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী তথা বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মন্তব্যক কেন্দ্ৰ কৰি ইউ পি পি এল’ৰ সমৰ্থক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কচুগাঁও সমষ্টিৰ মান্দাৰপাৰা গাঁৱৰ সকলো বিপিএফ’ত যোগদান কৰাৰ পিছত এজনো আৰু ইউ পি পি এল কৰ্মী নথকা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যোৱা কালি সোমবাৰে বিয়লি মান্দাৰপাৰা গাঁৱত ইউ পি পি এলৰ কৰ্মী সকলে একত্ৰিত হৈ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিপিএফ’ত এতিয়া দক্ষ নেতাৰ অভাৱ হৈছে । সেয়ে এগৰাকী বিধায়কক কচুগাঁও সমষ্টিৰ প্ৰাৰ্থী হিচাপে বিপিএফে প্ৰক্ষেপ কৰিবলৈ বাধ্য হৈছে ।
আনহাতে বিধায়ক গৰাকীয়ে নিজৰ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত চাৰি বছৰে নিৰৱ হৈ আছিল যদিও বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত আধাৰশিলা স্থাপন কৰি ৰাইজৰ আগত ওলাই অহাৰ সুযোগ লৈছে । ৰাইজে বিধায়ক গৰাকীৰ আধাৰশিলা স্থাপনৰ ৰাজনীতিক ভালদৰে বুজি পাইছে । বিধায়ক হিচাপে উন্নয়ন কৰিব নোৱাৰা ৰবিৰাম নাৰ্জাৰীয়ে এতিয়া নিজক পৰিষদিয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাতো ইয়াৰ এক জ্বলন্ত উদাহৰণ ৷ আনহাতে কচুগাঁও সমষ্টি’ৰ ৰাইজে বিপিএফ দলৰ সভাপতি হাগ্ৰামাক পৰাজিত কৰি ইউ পি পি এল দলৰ উকীল মুছাহাৰীক জয়যুক্ত কৰিছিল । হাগ্ৰামা মহিলাৰীৰ দৰে নেতাই কচুগাঁও সমষ্টিত মুখথেকেঁচা খোৱাৰ পিছত বিধায়ক ৰবিৰাম নাৰ্জাৰী ইউপিপিলৰ উকীল মুছাহাৰীৰ আগত কোনো ফেক্টৰ নহয় বুলি দাবী কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
