নতুন দিল্লী, ১৭ আগষ্ট (হি.স.)। দেওবাৰে পুৱা আমেৰিকাৰ পৰা ভাৰতলৈ উভতি অহাৰ সময়ত নাছাৰ এক্সিয়াম-৪ মহাকাশ অভিযানৰ পাইলট তথা ভাৰতীয় বায়ুসেনা গোটৰ কেপ্তেইন শুভাঞ্চু শুক্লাক উষ্ম আদৰণি জনোৱা হয়। গগণযান মিছনৰ বেকআপ মহাকাশচাৰী প্ৰশান্ত বালকৃষ্ণন নায়াৰো তেওঁৰ সৈতে ঘূৰি আহিছে। দিল্লী বিমানবন্দৰত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ লগতে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে শুভাংশু আৰু নায়াৰক আদৰণি জনায়।
শুভাংশু শুক্লাৰ ঘৰলৈ উভতি অহা সন্দৰ্ভত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে – ভাৰত মাতাৰ বিশিষ্ট পুত্ৰ গগণযাত্ৰী শুভাংশু শুক্লাই আজি পুৱা দিল্লীত উপস্থিত হোৱাৰ লগে লগে ভাৰতৰ মহাকাশ গৌৰৱেই ভাৰতৰ মাটি চুই গ’ল।
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাইও নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শুভাংশু শুক্লাৰ ঘৰলৈ উভতি অহাত আনন্দ প্ৰকাশ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত ছবিও শ্বেয়াৰ কৰিছে।
অনুমান কৰা হৈছে যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি শুভাংশু শুক্লাই নিজৰ গৃহ চহৰ লক্ষ্ণৌলৈ ৰাওনা হ’ব।
যোৱা ২৫ জুনত আমেৰিকাৰ ফ্ল’ৰিডাৰ নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা উৰা মাৰি ২৬ জুনত আই এছ এছৰ সৈতে সংযোগ স্থাপন কৰা নাছাৰ এক্সিয়াম-৪ ব্যক্তিগত মহাকাশ অভিযানৰ অংশ আছিল শুভাংশু শুক্লা। শুভাংশুৱে তেওঁৰ ১৮ দিনীয়া মিছনত আন সহযোগী সতীৰ্থৰ সৈতে মহাকাশত ৬০ টাৰো অধিক পৰীক্ষা তথা ২০ বাৰ জনসম্পৰ্ক সত্ৰ অনুষ্ঠিত কৰিছিল। তেওঁ ১৫ জুলাইত পৃথিৱীলৈ উভতি আহিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
