ধুবুৰী, ১৬ আগষ্ট (হি.স.)। ধুবুৰী জিলাৰ চাপৰৰ মাজমজিয়াত সন্ধিয়া ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ই ৰিক্সা আৰু চাৰিচকীয়া মালবাহী বাহনৰ মাজত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
দুৰ্ঘটনাৰ ফলত ই ৰিক্সা খনৰ চালক জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু মালবাহী বাহন খনৰ চালক জন পলায়ন কৰে বুলি জানিব পৰা যায়। আহত চালকজনক ততাতৈয়াকৈ চাপৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে। চালক জন চাপৰ কাজিপাৰাৰ মসিদুল ইছলাম বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা গ্ৰস্থ ই ৰিক্সা খনৰ নম্বৰ এএছ ১৭ চি ৭৩২৫ হোৱাৰ বিপৰীতে মালবাহী বাহন খনৰ নম্বৰ এছ ০১ এমচি ০৭০৪ বুলি জানিব পৰা গৈছে। ঘটনা স্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা গ্ৰস্ত বাহন দুখন থানালৈ লৈ যায়।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
