বাৰ্চিলোনা, ১১ আগষ্ট (হি.স.)। ডিফেণ্ডিং স্পেনিছ চেম্পিয়ন বাৰ্চিলোনাই দেওবাৰে (স্থানীয় সময়ত) ইটালীৰ দল কোমোক ৫-০ গ’লত পৰাস্ত কৰি প্ৰি-ছিজনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি জোয়ান গ্যাম্পাৰ ট্ৰফী লাভ কৰে। এই মেচখনে গ’লৰক্ষক মাৰ্ক-আন্দ্ৰে টেৰ ষ্টেগেন আৰু ক্লাবৰ মাজৰ সম্পৰ্কৰ তিক্ততাও হ্ৰাস পোৱাৰ ইংগিত দিছিল।
খেলখনত ফাৰ্মিন লোপেজ আৰু লেমিন ইয়ামালে দুটাকৈ গ’ল দিয়াৰ বিপৰীতে ব্ৰাজিলৰ ৰাফিনহাই প্ৰথমটো গ’ল দিয়ে। এই মেচখন জোহান ক্ৰুইফ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল, কিয়নো কেম্প নৌৰ আধুনিকীকৰণৰ কাম এতিয়াও চলি আছে। হান্সি ফ্লিকৰ দলটোৱে লীগৰ খিতাপ ৰক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰচণ্ড ছন্দ দেখুৱাইছিল।
মেচৰ পূৰ্বে টেৰ ষ্টেগেনে পৰম্পৰাগত অধিনায়কত্বৰ ভাষণ দিয়ে। শেহতীয়াকৈ পিঠিৰ আঘাতৰ সন্দৰ্ভত ক্লাবৰ সৈতে বিবাদ হৈছিল যদিও ৩৩ বছৰীয়া জাৰ্মান গ’লৰক্ষকগৰাকীয়ে কয় যে, ক্লাব আৰু মোৰ মাজৰ সমস্যাটো সমাধান কৰাটো প্ৰয়োজনীয় আছিল, এতিয়া আগলৈ চোৱাৰ সময় আহি পৰিছে। আমি সকলো ট্ৰফীৰ বাবে পুনৰ যুঁজিম আৰু আশাকৰোঁ আপোনালোকৰ সহায়ত আমি সকলো খিতাপ জয় কৰিম।
মাত্ৰ দুদিন পূৰ্বে তেওঁক অধিনায়কত্ব ঘূৰাই দিয়া হৈছিল। ইংৰাজী ফৰৱাৰ্ড মাৰ্কাছ ৰেছফৰ্ডকো বিকল্প হিচাপে বাৰ্চিলোনাই সুযোগ দিছিল, যিয়ে দুসপ্তাহ পূৰ্বে মানচেষ্টাৰ ইউনাইটেডৰ পৰা ঋণত দলটোত যোগদান কৰিছিল। ৰেছফোৰ্ডে ৰাফিনহাৰ গ’লত সহায় কৰিছিল যদিও খালী গ’লত বলটো সোমোৱাৰ সহজ সুযোগো হেৰুৱাইছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
