বলীউডৰ তাৰকা টাইগাৰ শ্ৰফৰ আগন্তুক ছবি ‘বাগী ৪’ৰ বাবে এইকেইদিন বাতৰিৰ শিৰোনামা হৈ পৰিছে। ‘বজৰংগী’ আৰু ‘বেধা’ৰ দৰে হিট কানাড়া ছবিৰ বাবে বিখ্যাত এ হৰ্ষৰ পৰিচালনাৰে নিৰ্মিত একচন ভৰ্তি এই ছবিখন। ইয়াৰ প্ৰযোজক সাজিদ নাদিয়াদৱালা। শেহতীয়াকৈ মেকাৰসকলে মুকলি কৰিছে ‘বাগী ৪’ৰ ধুমুহাময় টিজাৰ, য’ত টাইগাৰৰ বিপজ্জনক ৰূপ আৰু প্ৰচণ্ড একচন ছিকুৱেন্স দেখা গৈছে।
এই ছবিখনৰ জৰিয়তে মিছ ইউনিভাৰ্ছ ২০২১ হৰনাজ সন্ধুৱে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে। সৰুৰে পৰা অভিনয়ৰ প্ৰতি আকৰ্ষিত হৰনাজে এতিয়ালৈকে দুখন পাঞ্জাবী ছবিত অভিনয় কৰিছে। সোণম বাজৱা আৰু সঞ্জয় দত্তৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে ছবিখনত। সঞ্জয় দত্তক বিপজ্জনক খলনায়ক হিচাপে দেখা যাব। টিজাৰটোত টাইগাৰ আৰু সঞ্জয়ৰ মাজত প্ৰচণ্ড সংঘৰ্ষ দেখা গৈছে, বাকী তাৰকাসকলেও শক্তিশালী একচন কৰা দেখা গৈছে।
‘বাগী ৪’ ছবিখন চলিত বছৰৰ ৫ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব । লক্ষনীয় যে ২০১৬ চনত ‘বাগী’ ফ্ৰেঞ্চাইজিৰ প্ৰথমখন ছবি আহিছিল, আনহাতে ইয়াৰ দ্বিতীয় খণ্ড ২০১৮ চনত আৰু তৃতীয় খণ্ড ২০২০ চনত মুক্তি লাভ কৰিছিল। তিনিওখন ছবিয়ে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছিল। প্ৰথমখন ‘বাগী’ৰ পৰিচালনা কৰিছিল সব্বিৰ খানে, ইফালে ‘বাগী ২’ আৰু ‘বাগী ৩’ পৰিচালনা কৰিছিল আহমেদ খানে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
