ভিয়েনা, ২৫ অক্টোবৰ (হি স)। ভাৰতৰ ইউকি ভাম্বৰী আৰু ক্ৰ’ৱেচিয়াৰ আন্দ্ৰে গ’ৰনছনে ভিয়েনা অ’পেন ২০২৫ৰ পুৰুষৰ ডাবলছ ইভেণ্টৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । এই যুটীয়ে শুকুৰবাৰে কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ ২ নং মেট পাভিচ আৰু মাৰ্চেলো আৰেভালোক পৰাস্ত কৰে।
আঘাতৰ বাবে পাভিচ-আৰেভালোৱে মেচখনৰ পৰা আঁতৰি যোৱাৰ পিছত ভাম্বৰী-গ’ৰনছন যুটিয়ে ৱাক অভাৰৰ জৰিয়তে জয়লাভ কৰে। প্ৰথম ছেটত ভাম্বৰী আৰু গ’ৰনছনে ৬-৭(৬) ব্যৱধানত পিছ পৰি আছিল যদিও দ্বিতীয় ছেটত উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰি ৬-৪ ত জয়লাভ কৰে।
মন কৰিবলগীয়া যে চলিত বৰ্ষৰ আৰম্ভণিতে ফ্ৰেন্স অ’পেন ২০২৪ত ইটালীৰ ছিমন বলেলি আৰু আন্দ্ৰেয়া ভাভাছ’ৰীক পৰাস্ত কৰি পেভিচ-আৰেভালো যুটিয়ে জয়লাভ কৰিছিল।
চলিত বৰ্ষৰ আৰম্ভণিতে ডুবাই এ টি পি ৫০০ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত ইভান ডডিগক অংশীদাৰ কৰি একেটা যুটিক পৰাস্ত কৰিছিল।
ছেমি ফাইনেলত এতিয়া ভাম্বৰী-গ’ৰনছন যুটিয়ে অষ্ট্ৰিয়াৰ লুকাছ মিডলাৰ আৰু পৰ্তুগীজ যুটি ফ্ৰান্সিস্কো কেব্ৰালৰ সৈতে মুখামুখি হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ
