ইছলামাবাদ, ১১ আগষ্ট (হি.স.)। পাকিস্তানৰ ৱাজিৰিস্তানত জোৱানৰ এটা দলৰ ওপৰত খাপপিটি চলোৱা আক্ৰমণত এজন জোৱান নিহত হয়। ইয়াৰ মাজতে নিৰাপত্তা বাহিনীৰ প্রত্যাক্ৰমণত দুজন সন্ত্ৰাসবাদী নিহত হয়। এই খবৰ আজি পুৱা ডন কাকতৰ ৱেবছাইটত নিৰাপত্তাৰক্ষীৰ সূত্ৰৰ উদ্ধৃতিৰে সম্প্ৰচাৰ কৰা হয়।
নিৰাপত্তাৰক্ষীৰ সূত্ৰ অনুসৰি উত্তৰ ৱাজিৰিস্তানৰ শ্বাৱাল মাৰাহ অঞ্চলৰ পৰা উচ্চ দক্ষিণ ৱাজিৰিস্তানৰ ছিৰনাৰাই অঞ্চললৈ আগবাঢ়ি আহিছিল জোৱানৰ দলটো। তেতিয়াই এম্বুছত বহি থকা সন্ত্ৰাসবাদীয়ে হঠাতে গুলীচালনা কৰিবলৈ ধৰিলে। ইয়াৰ পিছতে আৰম্ভ হ’ল এনকাউণ্টাৰ। এই গুলীচালনাত মৃত্যু হয় জোৱান নবীদৰ। নাইক আমজাদ, চিপাহী আবু বাকাৰ, চিপাহী চিয়াম, চিপাহী নাছিৰ আৰু চিপাহী শৌকত আহত হয়। প্রত্যাক্ৰমণ চলাই নিৰাপত্তা বাহিনীয়ে দুটা সন্ত্ৰাসবাদীক হত্যা কৰে।
পাকিস্তানৰ সেনাৰ মিডিয়া শাখা আন্তঃসেৱা জনসংযোগই এই ঘটনা সন্দৰ্ভত এতিয়াও কোনো বিবৃতি প্ৰকাশ কৰা নাই। আহত জোৱানকেইজনক চিকিৎসাৰ বাবে ৰাজামকৰ এটা সামৰিক কেন্দ্ৰলৈ লৈ যোৱা হয়। বিষয়াসকলৰ মতে, অঞ্চলটোত সক্ৰিয় সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
