-শুকুৰবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি পৌডেলে সুশীলা কাৰ্কিক শপত গ্ৰহণ কৰোৱায়
-নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হৈ পৰিল প্ৰাক্তন মুখ্য ন্যায়াধীশ কাৰ্কী
-চিপিএন (ইউএমএল) আৰু মাওবাদীৰ সংসদ ভংগৰ বিৰোধিতা
-যুৱক-যুৱতীসকলৰ জয় বুলি অভিহিত কৰি মেয়ৰ বেলেন শ্বাহে এই সিদ্ধান্তক লৈ আনন্দ প্ৰকাশ
কাঠমাণ্ডু, ১৩ ছেপ্টেম্বৰ (হি.স.)। নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে। শুকুৰবাৰে সন্ধিয়া শীতল নিৱাছত ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে তেওঁক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱায়। নেপালৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আৰু কাৰ্যবাহী মুৰব্বী হিচাপে পৰিগণিত হয়। ইয়াৰ লগে লগে তেওঁ এটা বৃহৎ সিদ্ধান্ত লৈ সংসদ ভংগ কৰি ৫ মাৰ্চত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়ে, যিটো ৰাষ্ট্ৰপতিয়ে অনুমোদন জনায়।
ৰাষ্ট্ৰপতি পৌডেলে সংবিধানৰ ৬১ নং অনুচ্ছেদৰ অধীনত কাৰ্কীক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। ২০১৫ চনত নতুন সংবিধান জাৰি কৰাৰ পিছৰে পৰা পূৰ্বৰ সকলো চৰকাৰ ৭৬ নং অনুচ্ছেদৰ অধীনত গঠন কৰা হৈছিল।কিন্তু কাৰ্কীক – যিয়ে যুৱক-যুৱতী নেতৃত্বাধীন জেন-জেড আন্দোলনৰ সমৰ্থনত দায়িত্ব গ্ৰহণ কৰিছিল – ৬১ নং অনুচ্ছেদৰ অধীনত নিযুক্তি দিয়া হৈছিল, যাৰ ফলত এক উল্লেখযোগ্য সাংবিধানিক আৰু ৰাজনৈতিক পৰিৱৰ্তন ঘটিছিল।
৪২ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া তথা প্ৰতিনিধি সদন (এইচঅ’আৰ) ভংগ হোৱাৰ পিছৰ দিনটোৰ পূৰ্বে হোৱা ৰাজনৈতিক চুক্তিৰ পিছত – যিটো জেন-জেড প্ৰতিবাদী আন্দোলন আৰু ব্যৱস্থাগত সংস্কাৰ বিচৰা কেইবাটাও ৰাজনৈতিক শক্তিৰ মূল দাবী।
দিনটোৰ ব্যাপক আলোচনাৰ অন্তত শীৰ্ষ নেতাসকলে কাৰ্কীৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ এক মতত উপনীত হয়। শীতল নিৱাসৰ সূত্ৰ অনুসৰি সংসদ আনুষ্ঠানিকভাৱে ভংগ হোৱাৰ পিছতহে কাৰ্কীক নিযুক্তি দিয়াৰ বাবে পূৰ্বে জোৰ দিয়া ৰাষ্ট্ৰপতি পৌডেলে অৱশেষত ক্ৰমবৰ্ধমান ৰাজহুৱা আৰু ৰাজনৈতিক হেঁচাত পিছুৱাই যায়।
৫ মাৰ্চত সংসদ ভংগ আৰু নিৰ্বাচনী সিদ্ধান্ত
নৱনিযুক্ত প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীয়ে সংসদ ভংগৰ পৰামৰ্শ দি প্ৰথমটো বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়া ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে তৎক্ষণাত অনুমোদন জনোৱাৰ লগতে সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে ।
কাৰ্কীৰ শপত গ্ৰহণৰ কিছু সময়ৰ পিছতে শীতল নিৱাসত অনুষ্ঠিত নতুন মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকৰ সময়ত এই সিদ্ধান্ত ঘোষণা কৰা হয়। বৈঠকত তেওঁ জেন জি গ্ৰুপে ৰাজনৈতিক সংস্কাৰ আৰু প্ৰতিষ্ঠানিক পুনৰ স্থাপনৰ বাবে উত্থাপন কৰা দীৰ্ঘদিনীয়া দাবীক সম্বোধন কৰে। সংসদ ভংগ হোৱাৰ সমান্তৰালকৈ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে।
ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা এক বিবৃতিত কোৱা হৈছে যে অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী সুশিলা কাৰ্কীয়ে দিয়া পৰামৰ্শৰ ভিত্তিত ৰাষ্ট্ৰপতিগৰাকীয়ে ৫ মাৰ্চ, ২০২৬ তাৰিখে সাধাৰণ নিৰ্বাচনৰ কথা ঘোষণা কৰিছে।
প্ৰধানমন্ত্ৰী কাৰ্কীয়ে কয় যে অহা কেইদিনমানৰ ভিতৰত মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা হ’ব। সদন ভংগ কৰা হৈছে – ৰাষ্ট্ৰপতিয়ে ভংগ কৰাত অনুমোদন জনাইছে। মই পৰামৰ্শ দিলোঁ, আৰু তেওঁ গ্ৰহণ কৰি চহী কৰিলে।
সংসদ ভংগ কৰাৰ সিদ্ধান্তক গৰিহণা
নেপালৰ প্ৰধান ৰাজনৈতিক দল চিপিএন (ইউএমএল) আৰু মাওবাদী পাৰ্টিয়ে সংসদ ভংগ কৰাৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে। মাওবাদীয়ে নিজৰ বিষয়ববীয়াসকলৰ জৰুৰী বৈঠক আহ্বান কৰি এই পদক্ষেপক ‘অগ্ৰাহ্যযোগ্য’ বুলি অভিহিত কৰি ৰাজনৈতিক স্থিতিশীলতাৰ ওপৰত ইয়াৰ প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰে।
ইফালে চিপিএনৰ সাধাৰণ সম্পাদক শংকৰ পোখৰেলে ছ’চিয়েল মিডিয়াত এই সিদ্ধান্তক গৰিহণা দিয়ে। সংসদ ভংগ কৰাৰ বাবে পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীক সমালোচনা কৰা সকলে এতিয়া এই ভংগৰ সমৰ্থন কৰি চৰকাৰৰ নেতৃত্ব দিছে বুলিও তেওঁ কয়।
মেয়ৰ বেলেন শ্বাহৰ যুৱক-যুৱতীসকলক অভিনন্দন জ্ঞাপন
কাঠমাণ্ডু মহানগৰৰ মেয়ৰ বেলেন শ্বাহে নেপালত সংসদ ভংগ আৰু ক্ষমতা পৰিবৰ্তন সম্ভৱ কৰি তোলাৰ বাবে জেন জি যুৱক-যুৱতীসকলক অভিনন্দন জনাই বিক্ষোভৰ সময়ত নিহত যুৱক-যুৱতীসকলক শ্বহীদ বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীৰ নিযুক্তিৰ কিছু সময়ৰ পাছতে বেলেনে ফেচবুকত লিখিছে, প্ৰিয় জেন জী, আপোনাকৰ অৱদান আৰু ত্যাগৰ বাবে দেশ সলনি হৈছে। বীৰ শ্বহীদ সকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
