পাটনা, ১১ আগষ্ট (হি.স.)। বিহাৰৰ পাহাৰ-ভৈয়ামত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে গংগাকে ধৰি বিহাৰৰ সকলো প্ৰধান নদীৰ জলস্তৰ বিপদ চিহ্নৰ ওপৰেৰে বৈ গৈছে। ইয়াৰ বাবেই গংগাৰ পাৰত অৱস্থিত পাটনা, ভাগলপুৰ, মুংগেৰ, বেগুছৰাই, খগড়িয়া আৰু কাটিহাৰৰ বান পৰিস্থিতি সংকটজনক হৈয়ে আছে।
এই পৰ্যন্ত বিহাৰত বানপানীৰ ফলত ১৯ জন লোকৰ মৃত্যু হৈছে। বেগুচৰাইত সৰ্বাধিক ০৮ জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত আছে বেগুচৰাইৰ ৮ জন, ভাগলপুৰ, ছিৱান আৰু ভোজপুৰ, খগড়িয়াৰ ২ জনকৈ আৰু মুংগেৰ, বৈশালী আৰু কাটিহাৰৰ ১ জনকৈ।
ৰাজ্যৰ বানত ১০ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এনডিআৰএফৰ নৱম বেটেলিয়নৰ ১৪টা দলক সতৰ্ক কৰি ৰখা হৈছে। দৰভংগা, সুপৌল, মতিহাৰী আৰু নালন্দাত দল নিয়োগ কৰা হৈছে।
বতৰ বিজ্ঞান বিভাগে বিহাৰৰ ১৯খন জিলাত হালধীয়া সতৰ্কবাণী জাৰি কৰি প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ সতৰ্কবাণী প্ৰকাশ কৰিছে। যোৱা ২৪ ঘণ্টাত কাটিহাৰত ১৪০ মিলিমিটাৰ, নালন্দাত ৭০ মিলিমিটাৰ আৰু পাটনাত ৫৭ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে। দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু এন ডি আৰ এফৰ ১৪টা দলে সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে যদিও আগন্তুক ৪৮ ঘণ্টাত বতৰৰ বাবে অসুবিধা বৃদ্ধি পাব পাৰে। দেওবাৰে গভীৰ নিশা পাটনা, সুপৌল, বাংকা আৰু লখিশৰাইত মধ্যমীয়া বৰষুণ হোৱাৰ বিপৰীতে সোমবাৰে পুৱাৰে পৰা সীতামড়ী, দৰভংগা, মধুবনী, সুপৌল, আৰিয়াৰিয়া, কিষাণগঞ্জ, পূৰ্ণিয়া আৰু কাটিহাৰত ধাৰাসাৰ বৰষুণ হৈ আছে। যোৱা ২৪ ঘন্টাত কাটিহাৰত ১৪০ মিলিমিটাৰ বৰষুণৰ বিপৰীতে নালন্দাত ৭০ মিলিমিটাৰ, শ্বেখপুৰা আৰু বাংকাত ৬৫ মিলিমিটাৰ আৰু পাটনাত ৫৭ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে।
সোমবাৰে ৰাজধানী পাটনাত গোটেই দিনটো ডাৱৰীয়া হৈ থাকিব আৰু লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। সৰ্বোচ্চ উষ্ণতা ৩২ চেণ্টিগ্ৰেড আৰু সৰ্বনিম্ন তাপমাত্ৰা ২৬ চেণ্টিগ্ৰেড হোৱাৰ সম্ভাৱনা আছে। বতাহৰ গতিবেগ ঘণ্টাত ১২-১৮ কিলোমিটাৰ আৰু আৰ্দ্ৰতা থাকিব। বৰষুণৰ পিছত বতৰ অলপ ঠাণ্ডা হ’ব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
