নতুন দিল্লী, ১০ আগষ্ট (হি.স.)। বিগত ব্যৱসায়িক সপ্তাহত ঘৰুৱা শ্বেয়াৰ বজাৰত ক্ৰয়-বিক্ৰয়ৰ বাবে দেশৰ শীৰ্ষ ১০ টা সৰ্বাধিক মূল্যৱান কোম্পানীৰ ভিতৰত ৬ টা কোম্পানীৰ মাৰ্কেট কেপ ১.৩৬ লাখ কোটি টকাতকৈও অধিক হ্ৰাস পাইছে। ইয়াৰ ভিতৰত সৰ্বাধিক লোকচান হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ। আনহাতে, শীৰ্ষ দহটা কোম্পানীৰ ৪টা কোম্পানীৰ মাৰ্কেট কেপ এই সপ্তাহত ৩৯ হাজাৰ কোটি টকাতকৈ অধিক বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) সৰ্বাধিক লাভৱান হয়।
এই সপ্তাহৰ ব্যৱসায়ৰ সময়ছোৱাত শীৰ্ষ ১০ টা কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, এইচ ডি এফ চি বেংক, ভাৰতী এয়াৰটেল, আই চি আই চি আই বেংক, ইনফ’ছিছ আৰু হিন্দুস্তান ইউনিলিভাৰৰ মাৰ্কেট কেপ ১,৩৬,১৫১.২৪ কোটি টকা হ্ৰাস পাইছে। একে সময়তে টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ), ষ্টেট বেংক অৱ ইণ্ডিয়া, লাইফ ইনশ্বুৰেন্স কৰ্পৰেশ্যন অৱ ইণ্ডিয়া (এলআইচি) আৰু বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ৩৯,০১০.০৬ কোটি টকা বৃদ্ধি পায়।
যোৱা সপ্তাহত ৪ আগষ্টৰ পৰা ৮ আগষ্টৰ ভিতৰত হোৱা ব্যৱসায়ৰ সময়ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মাৰ্কেট কেপ ৩৪,৭১০.৮০ কোটি টকা হ্ৰাস পাই ১৮,৫১,১৭৪.৫৯ কোটি টকাৰ স্তৰত উপনীত হয়। একেদৰে এইচ ডি এফ চি বেংকৰ মাৰ্কেট কেপ ২৯,৭২২.০৪ কোটি টকা হ্ৰাস পাই ১৫,১৪,৩০৩.৫৮ কোটি টকাৰ স্তৰত উপনীত হয়।
ইয়াৰ উপৰিও আইচিআইচিআই বেংকৰ মাৰ্কেট কেপ ২৪,৭১৯.৪৫ কোটি টকা হ্ৰাস পাই ১০,২৫,৪৯৫.৬৯ কোটি টকা, ইনফ’ছিছৰ মাৰ্কেট কেপ ১৯,৫০৪.৩১ কোটি টকা হ্ৰাস পাই ৫,৯১,৪২৩.০২ কোটি টকা, ভাৰতী এয়াৰটেলৰ মাৰ্কেট কেপ ৫০ কোটি টকা হ্ৰাস পায় ১৫,০৫৩.৫৫ কোটি টকা ১০,৫৯,৮৫০.৩২ কোটি টকা আৰু হিন্দুস্তান ইউনিলিভাৰৰ মাৰ্কেট কেপ ১২,৪৪১.০৯ কোটি টকা হ্ৰাস পাই ৫,৮৭,০২১.৮৮ কোটি টকা হয়।
আনহাতে ভাৰতীয় জীৱন বীমা নিগমৰ মাৰ্কেট কেপ ১৭,৬৭৮.৩৭ কোটি টকা বৃদ্ধি পাই ৫,৭৭,১৮৭.৬৭ কোটি টকা হৈছে। একেদৰে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ মাৰ্কেট কেপ ১১,৩৬০.৮০ কোটি টকা বৃদ্ধি পাই ১০,৯৭,৯০৮.৬৬ কোটি টকা হৈছে। ইয়াৰ উপৰিও ভাৰতীয় ষ্টেট বেংকৰ মাৰ্কেট কেপ ৯,৭৮৪.৪৬ কোটি টকা বৃদ্ধি পাই ৭,৪২,৬৪৯.৩৪ কোটি টকা আৰু বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ১৮৬.৪৩ কোটি টকা বৃদ্ধি পাই ৫,৪৫,১৪৮.৫২ কোটি টকা হয়।
মাৰ্কেট কেপৰ ক্ষেত্ৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ ১৮,৫১,১৭৪.৫৯ কোটি টকাৰ বজাৰ মূলধনেৰে দেশৰ সৰ্বোচ্চ মাৰ্কেট কেপ কোম্পানী আছিল। ইয়াৰ পিছত এইচ ডি এফ চি বেংক (মুঠ মাৰ্কেট কেপ ১৫,১৪,৩০৩.৫৮ কোটি টকা), টি চি এছ (মুঠ মাৰ্কেট কেপ ১০,৯৭,৯০৮.৬৬ কোটি টকা), ভাৰতী এয়াৰটেল (মুঠ মাৰ্কেট কেপ ১০,৫৯,৮৫০.৩২ কোটি টকা), আই চি আই চি আই বেংক (মুঠ মাৰ্কেট কেপ ১০,২৫,৪৯৫.৬৯ কোটি টকা), ষ্টেট বেংক অৱ ইণ্ডিয়া (মুঠ মাৰ্কেট কেপ ৭,৪২,৬৪৯.৩৪ কোটি টকা), ইনফ’ছিছ (মুঠ বজাৰ মূল্য ৫,৯১,৪২৩.০২ কোটি টকা), হিন্দুস্তান ইউনিলিভাৰ (মুঠ বজাৰ মূল্য ৫,৮৭,০২১.৮৮ কোটি টকা), ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) (মুঠ বজাৰ মূল্য ৫,৭৭,১৮৭.৬৭ কোটি টকা) আৰু বাজাজ ফাইনেন্স (মুঠ বজাৰ মূল্য ৫,৪৫,১৪৮.৫২ কোটি) আটাইতকৈ মূল্যৱান শীৰ্ষ ১০ কোম্পানীৰ তালিকাত দ্বিতীয়ৰ পৰা দশম স্থানত থাকে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
