বুলাৱায়ো, ০৬ আগষ্ট (হি.স.)। নিউজিলেণ্ডৰ বেগী বলাৰ উইল অ’ৰ’ৰ্কে পিঠিৰ আঘাতৰ বাবে জিম্বাবুৱেৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচত অংশগ্ৰহণ কৰিব নোৱাৰিব। মঙলবাৰে এই কথা নিশ্চিত কৰে নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডে। তেওঁৰ ঠাইত বাওঁহাতৰ বেগী বলাৰ বেন লিষ্টাৰক দলত অন্তৰ্ভুক্ত কৰা হৈছে। লিষ্টাৰে এতিয়াও টেষ্টত অভিষেক ঘটাব পৰা নাই আৰু এই ছিৰিজৰ কভাৰ হিচাপে তেওঁক মাতি অনা হৈছে।
জিম্বাবুৱেৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত অংশগ্ৰহণ কৰা অ’ৰ’ৰ্কে তৃতীয় দিনা খেলৰ সময়ত পিঠিত জঠৰতা অনুভৱ কৰিছিল। সেই মেচখনত তেওঁ মুঠ ২৩ অভাৰত বলিং কৰি ৩টা উইকেট দখল কৰে।
প্ৰথম টেষ্টত নিউজিলেণ্ডে জিম্বাবুৱেক ৯ উইকেটত পৰাস্ত কৰে। এতিয়া দলটোৱে দ্বিতীয়খন টেষ্টত জয়লাভ কৰি দুখন মেচৰ শৃংখলাটো ক্লিন ছুইপ কৰিব বিচাৰিব। ৭ আগষ্টৰ পৰা বুলাৱায়োৰ কুইন্স ক্ৰিকেট ক্লাবত দ্বিতীয়খন টেষ্ট আৰম্ভ হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
